আন্তঃৰাষ্ট্ৰীয় ডেস্ক, 18 জানুৱাৰী :দক্ষিণ নাইজেৰিয়াৰ ইবাদান চহৰত প্ৰচণ্ড বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে ৷ এই বিস্ফোৰণত বৃহৎ চহৰখনতস্থিত 20 টাতকৈও অধিক অট্টালিকা কঁপাই তুলিছিল ৷ ফলত নিশাটোৰ ভিতৰতে তিনিজন লোকৰ মৃত্যু হোৱাৰ লগতে 77 গৰাকী লোক আহত হৈছিল ৷ উৰ্ধতম কৰ্তৃপক্ষই বুধবাৰে জনোৱা অনুসৰি, উদ্ধাৰকাৰী কৰ্মীসকলে আৱদ্ধ হৈ থকা লোকসকলৰ সন্ধানত ধ্বংসস্তূপৰ মাজেৰে খনন কাৰ্য অব্যাহত ৰাখিছে ৷
ঘন বসতিপূৰ্ণ ইবাদান চহৰৰ দক্ষিণ-পশ্চিম ৰাজ্যৰ বাসিন্দাসকলে কোৱা অনুসৰি মঙলবাৰে সন্ধিয়া প্ৰায় 7.45 বজাত তেওঁলোকে এটা প্ৰচণ্ড বিস্ফোৰণৰ শব্দ শুনিছিল । লগে লগে বহু লোকে নিজ নিজ বাসগৃহৰ পৰা পলায়ন কৰিবলৈ চেষ্টা কৰিছিল ৷ অকস্মাতে অঞ্চলটোত আতংকৰ সৃষ্টি হৈছিল । এই ঘটনাৰ পিচতে বুধবাৰে পুৱালৈকে, নিৰাপত্তা বাহিনীয়ে অঞ্চলটো ঘেৰাও কৰি উদ্ধাৰ প্ৰচেষ্টা অব্যাহত ৰাখে ৷ লগে লগে সেই স্থানত চিকিৎসা কৰ্মী আৰু এম্বুলেন্সসমূহ উপস্থিত হৈছিল ৷
প্ৰাথমিক অনুসন্ধানত প্ৰকাশ পোৱা অনুসৰি এই বিস্ফোৰণটো অবৈধ খনন কাৰ্যত ব্যৱহাৰৰ বাবে সংৰক্ষিত বিস্ফোৰকৰ ফলত সংঘটিত হৈছিল ৷ "আমি ইতিমধ্যে প্ৰথম প্ৰতিক্ৰিয়াকাৰী আৰু ওয়ো ৰাজ্যৰ ভিতৰত সকলো প্ৰাসংগিক সংস্থাক ব্যাপক অনুসন্ধান আৰু উদ্ধাৰ অভিযান চলাবলৈ নিয়োজিত কৰিছো," মাকিন্দেই এই ক্ষয়ক্ষতিক "বিধ্বংসী" বুলি অভিহিত কৰি এই মন্তব্য প্ৰকাশ কৰে ৷