অসম

assam

ETV Bharat / international

Brazil school shooting: বিদ্যালয়ত সংঘটিত গুলীচালনাত শিক্ষকসহ নিহত তিনিজন - Twin school shootings in Brazil

ব্ৰাজিলত সংঘটিত হ’ল এক চাঞ্চল্যকৰ ঘটনা ৷ দুখনকৈ বিদ্যালয়ত সংঘটিত গুলীচালনাৰ ঘটনাত তিনিগৰাকীৰ মৃত্যুৰ লগতে 11 গৰাকী লোক গুৰুতৰভাৱে আহত হয় (Brazil school shooting)৷

Brazil school shooting
বিদ্যালয়ত সংঘটিত গুলীচালনাত শিক্ষকসহ নিহত তিনিজন

By

Published : Nov 26, 2022, 11:13 AM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, 26 নৱেম্বৰ : শুকুৰবাৰে ব্ৰাজিলত সংঘটিত হ’ল এক চাঞ্চল্যকৰ ঘটনা ৷ দুখনকৈ বিদ্যালয়ত সংঘটিত গুলীচালনাৰ ঘটনাত তিনিগৰাকীৰ মৃত্যুৰ লগতে 11 গৰাকী লোক গুৰুতৰভাৱে আহত হয় ৷

শুকুৰবাৰে ব্ৰাজিলৰ এস্পিৰিটো ছান্টো ৰাজ্যৰ দুখন বিদ্যালয়ত সংঘটিত হয় এই গুলীচালনাৰ ঘটনা (Twin school shootings in Brazil)৷

দক্ষিণ-পূব ব্ৰাজিলৰ বিদ্যালয় দুখনত এজন লোকে কৰা এই গুলীচালনাৰ ফলত এগৰাকী কিশোৰীকে ধৰি দুজন শিক্ষক আৰু এজন ছাত্ৰৰ মৃত্যুৰ লগতে আন ১১ জন আহত হয় । এস্পিৰিটো ছান্টো ৰাজ্যৰ আৰাক্ৰুজ চহৰৰ কৰ্তৃপক্ষই জনোৱা মতে, শুকুৰবাৰে পুৱা এখন বিদ্যালয়ৰ শিক্ষকৰ দল এটাৰ ওপৰত চলোৱা গুলীচালনাৰ ফলত দুগৰাকী মহিলাৰ মৃত্যু হোৱাৰ লগতে আন ৯ জন লোক আহত হয় ।

বিদ্যালয়ত সংঘটিত গুলীচালনাত শিক্ষকসহ নিহত তিনিজন

ইয়াৰ পিছতে সংঘটিত হয় দ্বিতীয়টো গুলীচালনাৰ ঘটনা (Firing in school)৷ আন এখন বিদ্যালয়ত সংঘটিত গুলীচালনাৰ ফলত এগৰাকী কিশোৰীৰ মৃত্যু হোৱাৰ লগতে আন দুজন লোক গুৰুতৰভাৱে আহত হয় বুলি মেয়ৰ লুইছ কাৰ্লোছ ক’টিনহ’ৱে ৰেডিঅ’ নেটৱৰ্ক চিবিএনক জানিবলৈ দিছে ।

উক্ত ঘটনা সংঘটিত কৰা বন্দুকধাৰী দুৰ্বৃত্তটোৰ হাতত অৰ্ধস্বয়ংক্ৰিয় অস্ত্ৰ আছিল বুলি নিৰাপত্তাৰক্ষীৰ ফুটেজত বন্দী হৈছে । বন্দুকধাৰীটোৱে মুখ ঢাকি ৰখাৰ লগতে সামৰিক সাজ-পোছাক পৰিধান কৰি থকা বুলি জানিব পৰা গৈছে । আততায়ীটোৰ বয়স প্ৰায় ১৬ বছৰী বুলি ধাৰণা কৰা হৈছে । চিএনএনৰ তথ্য অনুসৰি এস্পিৰিটো ছান্টোৰ ৰাজধানী ভিট’ৰিয়াৰ পৰা ৫০ মাইল উত্তৰে অৱস্থিত সৰু চহৰ আৰাক্ৰুজত সংঘটিত হয় এই আক্ৰমণৰ ঘটনা ।

ঘটনা সন্দৰ্ভত ইতিমধ্যে এজন লোকক সোধা-পোছাৰ বাবে আটক কৰা হৈছে । ৰাজ্যখনৰ ৰাজ্যপালগৰাকীয়ে টুইটাৰযোগে জানিবলৈ দিয়ে যে এই সন্দৰ্ভত তদন্ত অব্যাহত ৰখা হৈছে আৰু শীঘ্ৰে অধিক তথ্য লাভ কৰিবলৈ সক্ষম হ’ব । উল্লেখ্য যে, ব্ৰাজিলত এনেধৰণৰ গুলীচালনাৰ ঘটনা বিৰল যদিও শেহতীয়াকৈ বৃদ্ধি পাবলৈ ধৰিছে ৷

ইয়াৰ পূৰ্বেও ২০১১ চনত দেশখনত সংঘটিত গুলীচালনাৰ ঘটনাত ১২ টা শিশুৰ মৃত্যু হৈছিল ৷ ৰিঅ’ ডি জেনেইৰ’ৰ উপকণ্ঠ অঞ্চল ৰিয়েলেংগোৰ এখন প্ৰাথমিক বিদ্যালয়ত এটা আততায়ে উক্ত ঘটনা সংঘটিত কৰাৰ পাচত আততাতীটোৱে আত্মহত্যা কৰিছিল (Brazil school shooting)।

ইয়াৰোপৰি ২০১৯ চনতো চাও পাউলোৰ এখন হাইস্কুলত দুজন প্ৰাক্তন ছাত্ৰই আঠজন লোকক গুলীয়াই হত্যা কৰিছিল ৷

লগতে পঢ়ক :Mass shooting incident in America: অস্ত্ৰৰ ব্যৱহাৰৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰাত গুৰুত্ব বিডেনৰ

ABOUT THE AUTHOR

...view details