অসম

assam

ETV Bharat / international

চীনত ডুবিল ফ্লোটিং ক্ৰেইন: ২৭ জন সন্ধানহীন

শনিবাৰে পুৱা চীনৰ গুয়াংডং প্ৰদেশত এখন ভাসমান ক্ৰেইন পানীত ডুব যোৱাৰ ফলত ক'মেও ২৭ জন লোক সন্ধানহীন হৈ আছে(27 people reported missing after floating crane sank in china)। ৩৮ খন উদ্ধাৰকাৰী জাহাজ প্ৰেৰণ কৰা হৈছে আৰু উদ্ধাৰকাৰী বিমানে নিৰুদ্দেশ হোৱা লোকসকলক বিচাৰি ৭০০ বৰ্গ নটিকেল মাইল এলেকা সামৰি ১৪ বাৰকৈ অভিযান চলাইছে যদিও বৰ্তমানলৈকে সন্ধান পোৱা নাই নিৰুদ্দিষ্ট লোকৰ ।

By

Published : Jul 4, 2022, 9:51 AM IST

27 missing after floating crane sank in china
চীনত ফ্লোটিং ক্ৰেইন ডুবি যোৱাৰ ফলত ২৭ জন সন্ধানহীন

ইন্টাৰনেশ্যনেল ডেস্ক, 4 জুলাই: শনিবাৰে দক্ষিণ চীনৰ গুৱাংডং প্ৰদেশত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা ৷ প্ৰাদেশিক সামুদ্ৰিক অনুসন্ধান আৰু উদ্ধাৰ কেন্দ্ৰই দেওবাৰে জনোৱা মতে, দক্ষিণ চীনৰ গুয়াংডং প্ৰদেশৰ উপকূলত এখন ভাসমান ক্ৰেন ডুব যোৱাৰ ফলত প্ৰায় ২৭ জন লোক সন্ধানহীন হোৱাৰ খবৰ পোৱা গৈছে (27 people reported missing after floating crane sank in china)।

এতিয়ালৈকে, ৩৮ খন উদ্ধাৰকাৰী জাহাজ প্ৰেৰণ কৰা হৈছে আৰু উদ্ধাৰকাৰী বিমানে নিৰুদ্দেশ হোৱা লোকসকলক বিচাৰি ৭০০ বৰ্গ নটিকেল মাইলৰ এলেকা সামৰি য’ত ঢৌ তিনিৰ পৰা চাৰি মিটাৰ উচ্চতাত আছিল সেই ঠাইত ১৪ বাৰকৈ অভিযান চলাইছে যদিও বৰ্তমানলৈকে সন্ধান পোৱা নাই নিৰুদ্দিষ্ট লোকৰ ।

ইয়াংজিয়াং চহৰৰ ওচৰৰ পানীত টাইফুন চাবাৰ (Typhoon Chaba) পৰা আশ্ৰয় লোৱাৰ সময়ত এটা অফশ্বৰ ৱিণ্ড ফাৰ্ম প্ৰকল্পৰ ভাসমান ক্ৰেইনখন এটা নিৰীক্ষণ প্ৰণালীৰ জৰিয়তে বিপদত পৰা দেখা গৈছিল । অৱশেষত শনিবাৰে ডুব যায় ভাসমান ক্ৰেনখন । কেন্দ্ৰটোৰ উদ্ধৃতি দি চৰকাৰী সংবাদ সংস্থা জিনহুয়াই প্ৰকাশ কৰা অনুসৰি ৩ জন লোকক উদ্ধাৰ কৰাৰ লগতে আন ২৭ জন লোক পানীত পৰি বৰ্তমানলৈকে সন্ধানহীন হৈ আছে (27 people fell into the water and were missing)।

বছৰৰ তৃতীয়টো ঘূৰ্ণিবতাহ আম্ফানৰ ফলত শনিবাৰে গুৱাংডংৰ মাওমিং চহৰৰ (Maoming City in Guangdong) উপকূলীয় অঞ্চলত সংঘটিত হয় ভয়াৱহ ভূমিস্খলন ৷ বৰ্তমানেও চলি আছে উদ্ধাৰ অভিযান ।

শনিবাৰে, চীনৰ ৰাজ্যিক বান নিয়ন্ত্ৰণ আৰু খৰাং সাহায্য মুখ্য কাৰ্যালয়ে বছৰটোৰ তৃতীয় আৰু চতুৰ্থ টাইফুনৰ ফলত হোৱা সাম্ভাব্য বানপানীৰ পৰিপ্ৰেক্ষিতত বান আৰু আমফান নিয়ন্ত্ৰণৰ বাবে জৰুৰী কালীন সঁহাৰি তৃতীয় স্তৰলৈ উন্নীত কৰে । বছৰটোৰ চতুৰ্থ আম্ফান সপ্তাহৰ শেষৰ ফালে পূব চীন সাগৰৰ কাষ চাপিব বুলি অনুমান কৰা হৈছে ।

লগতে পঢ়ক:পাকিস্তানত বন্দী হৈ থকা 539 জন ভাৰতীয়ক মুকলি কৰি দিয়াৰ আহ্বান ভাৰত চৰকাৰৰ

ABOUT THE AUTHOR

...view details