ইন্টাৰনেশ্যনেল ডেস্ক,১৬ এপ্ৰিল:শনিবাৰে চুডানী সেনাৰ সৈতে এটা অৰ্ধসামৰিক গোটৰ মাজত সংঘটিত হোৱা সংঘৰ্ষত প্ৰাণ হেৰুৱাই প্ৰায় ২৫ জন লোকে (Clashes between a paramilitary group and Sudanese army) । সংঘৰ্ষত গুৰুতৰভাৱে আহত হয় প্ৰায় ১৮৩ জন লোক । খাৰ্তুমৰ ৰাজধানীৰ ওচৰত সংঘটিত হোৱা এই সংঘৰ্ষত হতাহতৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ৷
জানিব পৰা মতে, খাৰ্তুমৰ ফেদাইল চিকিৎসালয়ত যোৱা কেইবাঘণ্টাৰ ভিতৰত কেইবাডজন আহত নাগৰিক আৰু সামৰিক কৰ্মীক ভৰ্তি কৰোৱা হয় বুলি এক বিশেষ সূত্ৰযোগে জানিব পৰা গৈছে (Fedail Hospital in central Khartoum) । আহতসকলৰ ভিতৰত কিছুসংখ্যকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে । ইয়াৰ পূৰ্বে এক বিবৃতিত চুডানী ডক্টৰ্ছ ট্ৰেড ইউনিয়নে তিনিজন পেৰামিলিটাৰী গ্ৰুপৰ সদস্যৰ মৃত্যুৰ খবৰ ৰাজহুৱা কৰিছিল । যাৰ ভিতৰত দুজন খাৰ্তুম আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত নিহত হৈছিল (25 people killed and 183 injured in Sudan clashes) ।
ইফালে, ৰাষ্ট্ৰসংঘৰ মহাসচিব এণ্টনিঅ' গুটেৰেছে চুডানত পেৰামিলিটাৰী আৰু চুডানৰ সশস্ত্ৰ বাহিনীৰ মাজত সংঘটিত হোৱা সংঘৰ্ষক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে । এক বিবৃতিযোগে মহাসচিবগৰাকীয়ে পেৰামিলিটাাৰী আৰু চুডানী সশস্ত্ৰ বাহিনীৰ নেতাসকলক তৎক্ষণাৎ শত্ৰুতা বন্ধ কৰি, শান্ত হৈ বৰ্তমানৰ সংকট সমাধানৰ বাবে আলোচনা আৰম্ভ কৰিবলৈ আহ্বান জনায় । যুঁজত আৰু অধিক বৃদ্ধি হ'লে অসামৰিক লোকসকলৰ ওপৰত এক ধ্বংসাত্মক প্ৰভাৱ পৰিব আৰু দেশৰ ইতিমধ্যে অনিশ্চিত মানৱীয় পৰিস্থিতি অধিক বৃদ্ধি পাব বুলি উল্লেখ কৰে ।