ইণ্টাৰনেশ্যনেল ডেস্ক, 15 অক্টোবৰ:তুৰ্কীত ভয়ংকৰ কয়লা বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে (Turkish coal mine blast)৷ শুকুৰবাৰে উত্তৰ তুৰ্কীৰ এটা কয়লা খনিৰ ভিতৰত বিস্ফোৰণ হোৱাত 25 জন নিহত হোৱাৰ লগতে কেইবাজনো কৰ্মী আৱদ্ধ হৈ আছে (25 dead in Turkish coal mine blast)৷
জানিব পৰামতে শুকুৰবাৰে সন্ধিয়া প্ৰায় 5.45 বজাত কয়লা খনিটোৰ ভিতৰত অগ্নিৰ সূত্ৰপাত হৈ এই বিস্ফোৰণটো সংঘটিত হয় ৷ বিস্ফোৰণটোৰ ফলত কয়লাখনিটোৰ ভিতৰত থকা প্ৰায় 25 লোক মৃত্যু হৈছে ইয়াৰ বিপৰীতে এতিয়াও বহু কৰ্মী খনিৰ ভিতৰত আৱদ্ধ হৈ আছে (Many trapped in Turkish coal mine blast)৷
দেশখনৰ শক্তিমন্ত্ৰী ফাতিহ ডনমেজে (Energy Minister Fatih Donmez) এই ঘটনা সন্দৰ্ভত জনায় যে এতিয়ালৈ প্ৰাথমিক তদন্তত অগ্নিকাণ্ডৰ ফলতেই এই বিস্ফোৰণ হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে ৷ বিস্ফোৰণৰ সময়ত খনিটোত 110 গৰাকী লোকে কাম কৰি আছিল ( 110 people in mine explosion)৷
এই ঘটনা হোৱাৰ পাছতে উদ্ধাৰকাৰী দল উপস্থিত হৈ অধিকসংখ্যক কৰ্মীক খনিৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ কিন্তু ইয়াৰ পাছতো প্ৰায় 49 গৰাকী কৰ্মী বিপদশংকুল অৱস্থাত (49 were trapped inhigher risk area)আৱদ্ধ হৈ আছিল ৷