আন্তঃৰাষ্ট্ৰীয় ডেস্ক, 5 জুন :চীনৰ দক্ষিণ পশ্চিম চিচোৱান প্ৰদেশত ভংয়কৰ ঘটনা সংঘটিত হৈছে (China's Sichuan Province) ৷ দেওবাৰে এখন পাহাৰীয়া অঞ্চলত হোৱা ভয়ংকৰ ভূমিস্খলনত নিহত হৈছে 19 জনৰো অধিক লোক ৷ আনহাতে কেইবাজনো গুৰুতৰভাৱে আহত হোৱাৰ লগতে আৱদ্ধ হৈ থকা 180 জনক উদ্ধাৰ কৰিছে উদ্ধাৰকাৰী দলে (19 Death 180 Rescue in China landslide) ৷
লেহান চহৰৰ সমীপৰ জিনকওসি নামৰ অঞ্চলত সন্ধিয়া 6 বজাত পাহাৰৰ বৃহৎ এটা অংশ খহি পৰাত (Jinkouhe) দুৰ্ঘটনাটো সংঘটিত হয় ৷ উদ্ধাৰকাৰী দলে অভিযান চলাই আছে, কিন্তু বৰ্তমানেও 5 জনকৈ লোকৰ নাই সন্ধান (Five Missing) ৷ চীনৰ সংবাদ প্ৰতিষ্ঠন চিচিটিভিয়ে জনোৱা অনুসৰি, এই ঘটনাৰ অন্যতম কাৰণ পাহাৰখনত চলি থকা খনন কাৰ্য ৷ খনন কাৰ্যৰ ফলতে খহি পৰে পাহাৰৰ এটা অংশ (Sichuan)৷ ফলত নিচেই সমীপতে বসবাস কৰা লোকৰ বাসগৃহ পুতি পেলাই বোকা আৰু আৰ্বজনাই (Landslide injured Evacuated to a safe location) ৷
নিশা আঠ বজালৈ চলা উদ্ধাৰ অভিযানৰ পাচত আজি পুনৰ উদ্ধাৰ অভিযান অব্যাহত ৰখাৰ লগতে পথৰ পৰা আৰ্ৱজনা আঁতৰোৱাৰ চেষ্টা কৰি থকা হৈছে ৷ ইফালে বিভিন্ন প্ৰান্তত আৰু দুৰ্যোগ হোৱাৰ সম্ভাৱনা আছে বুলি সতৰ্কবাণী প্ৰদান কৰিছে বিভাগীয় বিষয়াই ।