ইন্টাৰনেশ্যনেল ডেস্ক, ১৭ ডিচেম্বৰ:উত্তৰ থাইলেণ্ডত ম্যানমাৰ সীমান্তৰ সমীপত থাইলেণ্ডৰ সেনাৰ সৈতে হোৱা গুলীচালনাত পোন্ধৰটা সন্দেহযুক্ত ড্ৰাগছ সৰবৰাহকাৰী নিহত হয় ৷ থাইলেণ্ড সেনাই নিহত ড্ৰাগছ সৰবৰাহকাৰীকেইটাৰ পৰা প্ৰায় ২০ লাখ নিচাযুক্ত টেবলেট জব্দ কৰে ৷ শনিবাৰে নিশা সংঘটিত হয় এই ঘটনা ৷ থাইলেণ্ডৰ বিষয়াসকলে জনোৱা অনুসৰি, মাদক দ্ৰব্য নিয়ন্ত্ৰণ ব'ৰ্ডৰ কাৰ্যালয়ৰ ভাৰপ্ৰাপ্ত সচিব প্ৰধান ফানুৰাট লুকবুনৰ পৰা তেওঁলোকে 'চিয়াং ৰায়' প্ৰদেশৰ সীমান্তৰ ওচৰত সন্দেহজনক কাৰ্যকলাপ সংঘটিত হোৱাৰ তথ্য লাভ কৰে ৷
ফানুৰাটে জনোৱা মতে, বিষয়াসকলে অঞ্চলটোত অভিযানৰ সময়ত বেগত কোনো সামগ্ৰী কঢ়িয়াই অনা অৱস্থাত প্ৰায় ২০ জনীয়া এটা দলক লক্ষ্য কৰে ৷ সেনাৰ দলটোৱে দলটোৰ বেগসমূহ পৰীক্ষণ কৰিব বিচৰাত গোটটোৱে ওলোটাই সেনাৰ দলটোৰ ওপৰত গুলীচালনা কৰে ৷ প্ৰত্যুত্তৰ সেনাৰ দলটোৱেও গুলীচালনা কৰে ৷ প্ৰায় ১৫ মিনিট ধৰি এই সংঘৰ্ষ চলিছিল আৰু এই গুলীচালনাত পোন্ধৰটা সন্দেহযুক্ত ড্ৰাগছ সৰবৰাহকাৰী নিহত হয় ৷ আনহাতে ৫ টা সৰবৰাহকাৰী পলায়ন কৰিবলৈ সক্ষম হয় ৷
অভিযানকাৰী দলটোৱে সন্দেহযুক্ত চোৰাংচোৱাকেইটাৰ পৰা সাৰৰ বস্তাৰ পৰা তৈয়াৰী সোতৰটা বেগ উদ্ধাৰ কৰাৰ লগতে বেগবোৰৰ ভিতৰত ২০ লাখৰো অধিক নিচাযুক্ত টেবলেট উদ্ধাৰ কৰে ৷ এই ড্ৰাগছৰ উৎপত্তি চিনাক্তকৰণৰ বাবে বিষয়াসকলে এতিয়াও কাম কৰি আছে । ইয়াৰ পূৰ্বে বুধবাৰে থাইলেণ্ডে পশ্চিম অঞ্চলৰ ম্যানমাৰ সীমান্তৰ ওচৰৰ কাঞ্চনাবুৰী প্ৰদেশত অভিলেখ সংখ্যক প্ৰায় ৫ কোটি মেথামফেটামাইন টেবলেট জব্দ কৰে ৷