ইণ্টাৰনেশ্যনেল ডেস্ক,২৭ জানুৱাৰী :ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত সংঘৰ্ষ এতিয়াও অব্যাহত আছে (Ukraine Russia war)। ধাৰাবাহিকভাৱে ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত আক্ৰমণ কৰি আছে । এইবাৰ পুনৰ ইউক্ৰেইনত ৰাছিয়াৰ মিছাইল আক্ৰমণ (Russian missile strike in Ukraine)। বৃহস্পতিবাৰে ৰাছিয়াৰ এই মিছাইল আক্ৰমণৰ ফলত প্ৰায় ১১ জনকৈ লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে । এই আক্ৰমণত আন ১১ গৰাকী লোক আহত হোৱাৰ তথ্য পোৱা গৈছে ।
ইউক্ৰেইনৰ ৰাজ্যিক জৰুৰীকালীন সেৱাৰ মুখপাত্ৰ অ'লেক্সেন্দ্ৰ খোৰুঞ্জিয়ে এক বিবৃতিত কয় যে ৰাছিয়াৰ মিছাইল আক্ৰমণৰ পাছতে প্ৰায় ১০০ জনীয়া উদ্ধাৰকাৰী দলে লোকসকলক উদ্ধাৰত ব্ৰতী হৈ আছে । ইফালে এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৈদেশিক মন্ত্ৰালয়ে (US condemns Russian missile strike in Ukraine)। আক্ৰমণক গৰিহণা দিয়াৰ লগতে আৰু আঘাতপ্ৰাপ্ত লোকসকলৰ প্ৰতিও সহানুভূতি প্ৰকাশ কৰিছে আমেৰিকাই ।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৈদেশিক মন্ত্ৰালয়ে এক বিবৃতিত কয় যে সকলোৱে দেখিছে ৰাছিয়াই কেনেদৰে নিশা ইউক্ৰেইনত মিছাইল আক্ৰমণ অব্যাহত ৰাখিছে । সমগ্ৰ ইউক্ৰেইনত নিহত সকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৈদেশিক মন্ত্ৰালয়ৰ প্ৰধান উপ মুখপাত্ৰ বেদান্ত পেটেলে (Russian missile strike killed 11 in Ukraine)। ইফালে এই সংঘৰ্ষৰ মাজতে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু জাৰ্মানীয়ে ইউক্ৰেইনক যুদ্ধ টেংকাৰ প্ৰদান কৰিবলৈ সন্মতি প্ৰদান কৰিছে ।