ইণ্টাৰনেচনেল ডেস্ক, ২২ মাৰ্চ : মঙলবাৰে নিশা আফগানিস্তান-পাকিস্তানত সংঘটিত প্ৰবল ভূমিকম্পত ১১ জনতকৈ অধিক লোকৰ মৃত্যুৰ তথ্য লাভ কৰা হৈছে (Quake in Pakistan and Afghanistan) । আনহাতে, এই ভূমিকম্পৰ ফলত ১৬০ জনতকৈও অধিক লোক আহত হৈছে । বৰ্তমান ভূমিকম্প সংঘটিত অঞ্চলবোৰত উদ্ধাৰ অভিযান চলি আছে । মঙলবাৰে পাকিস্তানৰ কিছু অংশত ৬.৮ প্ৰাবল্যৰ ভূমিকম্প সংঘটিত হয় । যাৰ ফলত ১১ জন লোক নিহত হয় (11 death in pakistan earthquake) আৰু ১৬০ জনৰো অধিক লোক আহত হয় ।
স্থানীয় সংবাদ মাধ্যমসমূহৰ সূত্ৰত এই তথ্য প্ৰকাশ (more than 160 injured in pakistan quake) । একে সময়তে 'এছ'চিয়েটেড প্ৰেছ'-এ জনাইছে যে আফগানিস্তানত হোৱা ভূমিকম্পৰ ফলত দুজন লোকে প্ৰাণ হেৰুৱাইছে । পাকিস্তানৰ বতৰ বিজ্ঞান বিভাগৰ মতে, ভূমিকম্পৰ কেন্দ্ৰস্থল আছিল আফগানিস্তানৰ হিন্দুকুশ অঞ্চলত 180 কিলোমিটাৰ গভীৰতাত । আনহাতে, ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীকে ধৰি উত্তৰ ভাৰতৰ কেইবাখনো ঠাইত কম্পন অনুভৱ কৰা হয় (earthquake in Delhi and north India) ।
বিভাগটোৰ সূত্ৰ অনুযায়ী, পাকিস্তানত লাহোৰ, ইছলামাবাদ, ৰাৱালপিণ্ডি, কোৱেটা, পেছাৱাৰ, লাক্কি মাৰৱাট, গুজৰাট, শিয়ালকোট, কোট মমিন, মাধ ৰাঞ্জা, চাকৱাল, কোহাট আৰু গিলগিট-বাল্টিস্তান অঞ্চলত কম্পন অনুভৱ কৰা হয় । দূৰদৰ্শনৰ ফুটেজত দেখা গৈছে যে মানুহে ভয়তে ৰাস্তালৈ ওলাই আহে । জিঅ' নিউজৰ বাতৰি অনুসৰি, সংশ্লিষ্ট বিষয়াসকলে জনাইছে যে ভূমিকম্প সম্পৰ্কীয় ঘটনাত দুগৰাকী মহিলাসহ নজন লোক নিহত আৰু ১৬০-ৰো অধিক লোক আহত হৈছে ।