অসম

assam

ETV Bharat / international

সুষমা স্বৰাজৰ মৃত্যুত বিশ্বনেতাৰ শোক প্ৰকাশ

ভাৰতৰ প্ৰাক্তন বৈদেশিক মন্ত্ৰী সুষমা স্বৰাজৰ মৃত্যুত বিশ্বৰ বিভিন্ন প্ৰান্তৰ নেতা সকলে গভীৰ শোক প্ৰকাশ কৰিছে ৷

By

Published : Aug 7, 2019, 9:18 PM IST

সুষমা স্বৰাজৰ মৃত্যুত বিশ্বনেতাৰ শোক প্ৰকাশ

ইন্টাৰনেশ্বনেল ডেস্ক, 7 আগষ্ট : বুধবাৰে বিশ্বৰ প্ৰতিটো প্ৰান্তৰ ৰাজনৈতিক নেতাসকলে ভাৰতৰ প্ৰাক্তন বৈদেশিক মন্ত্ৰী সুষমা স্বৰাজৰ মৃত্যুত শোক প্ৰকাশ কৰে ৷ এই নেতাসকলৰ ভিতৰত আছে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনা, ইৰাণৰ বৈদেশিক মন্ত্ৰী মহম্মদ জাভাদ জাৰিফ, বাহৰেইনৰ বৈদেশিক মন্ত্ৰী খালিদ বিন আহমেদ অল আলিফা, আফগানিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি হামিদ কাৰজাই, আফগানিস্তানৰ বৈদেশিক মন্ত্ৰী ছালাহুদ্দিন ৰব্বানী, ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ সভাপতি মাৰিয়া ফাৰনাণ্ডা এছপিন'ছা, ৰাছিয়াৰ বৈদেশিক মন্ত্ৰণালয়, ভাৰতস্থিত ফ্ৰান্সৰ ৰাষ্ট্ৰদূত আলেকজেণ্ডাৰ জিয়েগলাৰ আৰু ইজৰাইলৰ ৰাষ্ট্ৰদূত ৰ'ন মালকা ৷ হৃদক্ৰিয়া বন্ধ হৈ 67 বছৰ বয়সত প্ৰাণ হেৰুওৱা স্বৰাজৰ মৃত্যুত শোক প্ৰকাশ কৰা বিশ্বৰ নেতা সকলে বৰ্ষীয়ান ভাৰতীয় ৰাজনীতিবিদ গৰাকীৰ স্মৃতি ৰোমন্থন কৰে ৷

বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই সুষমা স্বৰাজক 'ভাল বন্ধু', 'মৰমৰ ভগ্নী' আৰু 'অসাধাৰণ মহিলা' বুলি অভিহিত কৰে ৷ লগতে তেওঁ উল্লেখ কৰে যে, বাংলাদেশে এগৰাকী ভাল বন্ধুক হেৰুৱালে ৷ দুয়োখন দেশৰ মাজৰ সম্পৰ্কত নতুন মাত্ৰা প্ৰদান কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰখাত স্বৰাজৰ অৱদান প্ৰতিজন বাংলাদেশীয়ে মনত ৰাখিব বুলি মন্তব্য কৰে হাছিনাই ৷

আনহাতে, ইৰাণৰ বৈদেশিক মন্ত্ৰী মহম্মদ জাভাদ জাৰিফে স্বৰাজৰ সৈতে কৰা ফলপ্ৰসূ বৈদেশিক আলোচনাসমূহৰ ৰোমন্থন কৰে ৷ এক টুইটাৰৰ জৰিয়তে জাৰিফে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, ভাৰত চৰকাৰ আৰু প্ৰতিজন নাগৰিকেই স্বৰাজৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে ৷ তেওঁৰ সৈতে বহু গুৰুত্বপূৰ্ণ আৰু ফলপ্ৰসূ আলোচনাত মিলিত হোৱাৰ লগতে তেওঁৰ আকস্মিক মৃত্যুয়ে দুখিত কৰি তুলিছে বুলি মন্তব্য কৰে জাৰিফে ৷

খালিদ বিন আহমেদ অল আলিফাই টুইটৰ জৰিয়তে স্বৰাজক 'মৰমৰ ভগ্নী' বুলি উল্লেখ কৰাৰ লগতে স্বৰাজে তেওঁক 'ভাতৃ' বুলি সম্বোধন কৰাৰ কথা প্ৰকাশ কৰে ৷ ভাৰত আৰু বাহৰেইনে তেওঁক সদায় মনত ৰাখিব বুলি মন্তব্য কৰে খালিদে ৷

স্বৰাজৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰা ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ সভাপতি মাৰিয়া ফাৰনাণ্ডা এছপিন'ছায়ে তেওঁক এগৰাকী অসাধাৰণ মহিলা বুলি উল্লেখ কৰে ৷ নিজৰ জীৱন দেশ সেৱাৰ নামত উছৰ্গা কৰা স্বৰাজক ভাৰত ভ্ৰমণৰ সময়ত লগ পোৱাৰ সৌভাগ্য হৈছিল বুলি মন্তব্য কৰে এছপিন'ছায়ে ৷

আফগানিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি হামিদ কাৰজাইয়েও স্বৰাজক 'বেহেনজী' বুলি সম্বোধন কৰাৰ লগতে এগৰাকী প্ৰভাৱশালী তথা 'জনতাৰ নেত্ৰী'ৰ মৃত্যু হোৱা বুলি মন্তব্য কৰে ৷

ৰাছিয়াৰ বৈদেশিক মন্ত্ৰণালয়েও টুইটাৰৰ জৰিয়তে প্ৰাক্তন বৈদেশিক মন্ত্ৰী গৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰে আৰু ভাৰতলৈ সমবেদনা জ্ঞাপন কৰে ৷

ভাৰতস্থিত ফ্ৰান্সৰ ৰাষ্ট্ৰদূত আলেকজেণ্ডাৰ জিয়েগলাৰে শোক প্ৰকাশ কৰি কয় যে, নিজ দেশৰ জনতাৰ হকে কাম কৰা আৰু ইণ্ডো - ফ্ৰান্স সম্পৰ্কক নতুন মাত্ৰা প্ৰদান কৰা স্বৰাজ হৈছে ভাৰতৰ সবাতোকৈ সন্মানীয় নেত্ৰী ৷

ভাৰতস্থিত ইজৰাইলৰ ৰাষ্ট্ৰদূত ৰ'ন মালকাই স্বৰাজৰ স্ব - গৃহত উপস্থিত হৈ তেওঁক শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে ৷

আফগানিস্তানৰ বৈদেশিক মন্ত্ৰী ছালাহুদ্দিন ৰব্বানীয়ে স্বৰাজৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে তেওঁ নিজ ৰাষ্ট্ৰক দৃঢ়ভাৱে নেতৃত্ব প্ৰদান কৰিছিল বুলি মন্তব্য কৰে ৷

ABOUT THE AUTHOR

...view details