নিউজ ডেস্ক, ৮ জুনঃ দেওবাৰে একাংশ প্ৰতিবাদকাৰীয়ে ঘেৰাও কৰে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ দূতবাসৰ প্ৰৱেশদ্বাৰ । বিগত সপ্তাহত আমেৰিকাত আৰক্ষীৰ অত্যাচাৰত মৃত্যু হোৱা জৰ্ড ফ্লয়ডৰ বিক্ষোভৰ অংশ হিচাপে প্ৰতিবাদকাৰীয়ে ঘেৰাও কৰে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ দূতাবাস ।
আনহাতে, ৬ জুন তথা শনিবাৰে হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে ৱেষ্টমিস্টাৰত শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰি থকাৰ পাচতো আৰক্ষীয়ে বাধা দিবলৈ চেষ্টা কৰাত পৰিস্থিতিৰ অৱনতি ঘটে বুলি জানিব পৰা গৈছে ।