ইন্টাৰনেশ্বনেল ডেস্ক, 11 জানুৱাৰীঃআমেৰিকাৰ ষ্টেট বিভাগে শনিবাৰে প্ৰকাশ কৰা বিজ্ঞপ্তি অনুসৰি, ইৰাকত থকা আমেৰিকান সেনাৰ ঘাটিসমূহ আগৰ দৰেই থাকিব ৷ ইৰাকে ইৰান আৰু আমেৰিকাৰ মাজৰ শেহতীয়া পৰিস্থিতি অনুসৰি, দেশখনত থকা আমেৰিকান সেনাৰ ঘাটিসমূহ স্থানান্তৰ কৰি উঠাই ল'বলৈ আহ্বান জনাইছিল ৷ কিন্তু আমেৰিকাই ইৰাকৰ এই আহ্বান নাকচ কৰিছে ৷ ইয়াৰ বিপৰীতে ইৰাকত থকা আমেৰিকান সেনাৰ উপস্থিতিয়ে ইৰাক আৰু আমেৰিকাৰ সামৰিক জোঁটবন্ধন অধিক শক্তিশালী কৰি ৰখাৰ উপৰিও দেশখনত আমেৰিকান সেনাৰ উপস্থিতি নিশ্চয়কৈ প্ৰয়োজনীয় বুলি প্ৰকাশ কৰে পেন্টাগনে ৷ আমেৰিকাৰ ষ্টেট বিভাগৰ মুখপাত্ৰ মৰ্গান অৰ্টাগছে বিজ্ঞপ্তিযোগে এই কথা প্ৰকাশ কৰিছে ৷
ইৰাকৰ পৰা আমেৰিকান সেনা প্ৰত্যাহাৰ দাবী প্ৰত্যাখ্যান আমেৰিকাৰ - আমেৰিকান সেনা প্ৰত্যাহাৰ দাবী প্ৰত্যাখ্যান
ইৰাকত থকা আমেৰিকান সেনাৰ ঘাটিসমূহ উঠাই ল'বলৈ অমান্তি ঘোষণা কৰিছে আমেৰিকাই ৷ ইৰাকে ইৰান আৰু আমেৰিকাৰ মাজৰ শেহতীয়া পৰিস্থিতিক লৈ দেশখনৰ পৰা আমেৰিকান সেনাৰ ঘাটি উঠাই ল'বলৈ পেন্টাগনক আহ্বান জনাইছিল ৷
ষ্টেট বিভাগৰ মুখপাত্ৰ মৰ্গান অৰ্টাগছ
লগতে পঢ়কঃ ইউক্ৰেইনৰ বিমান ধ্বংস সন্দৰ্ভত ইৰানৰ স্পষ্টীকৰন
উল্লেখ্য যে, ইৰাকত প্ৰায় 5,000 আমেৰিকান সৈনিক বৰ্তমানেও কৰ্মৰত হৈ আছে ৷ এইসমূহ সৈনিকে আইছিছ, তালিবানী সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান আৰু ইৰাকী তথা আমেৰিকান নাগৰিক তথা ইয়াৰ দূতাবাসসমূহৰ সুৰক্ষাত নিয়োজিত হৈ আছে ৷