অসম

assam

ETV Bharat / international

ইউক্ৰেইনৰ বিমান ধ্বংস সন্দৰ্ভত ইৰানৰ স্পষ্টীকৰণ - বিমান ধ্বংস সন্দৰ্ভত ইৰানৰ স্পষ্টীকৰণ

ইৰাকস্থিত আমেৰিকান সেনাৰ ঘাটিত ইৰানে চলোৱা আক্ৰমণৰ পিচতেই ইৰানত ধ্বংসপ্ৰাপ্ত হৈছিল এখন ইউক্ৰেনিয়ান এয়াৰলাইনছৰ বিমান ৷ দুৰ্ঘটনাটোত বিমানখনত থকা 176গৰাকী যাত্ৰীৰ আটাইকেইগৰাকীয়ে নিহত হৈছিল ৷ এই ঘটনাক দুৰ্ভাগ্যবশত সংঘটিত হোৱা বুলি আখ্যা দিয়ে ইৰানৰ ৰাষ্ট্ৰপতি হাছান ৰৌহানিয়ে ৷

ইউক্ৰেইনৰ বিমান ধ্বংস সন্দৰ্ভত ইৰানৰ স্পষ্টীকৰন
ইউক্ৰেনিয়াৰ বিমানখনৰ ধ্বংসাৱশেষ

By

Published : Jan 11, 2020, 6:10 PM IST

Updated : Jan 11, 2020, 6:29 PM IST

ইন্টাৰনেশ্বনেল ডেস্ক, 11 জানুৱাৰীঃবিগত বুধবাৰে ইৰানত দুৰ্ঘটনাগ্ৰস্থ হোৱা ইউক্ৰেনিয়াৰ এখন বিমান সন্দৰ্ভত স্পষ্টীকৰণ প্ৰকাশ কৰিছে ইৰানৰ ৰাষ্ট্ৰপতিয়ে ৷ বিমানখন দুৰ্ঘটনাগ্ৰস্থ হোৱাটো দুৰ্ভাগ্যজনক আখ্যা দিয়ে ইৰানৰ ৰাষ্ট্ৰপতি হাছান ৰৌহানিয়ে ৷

বিগত বুধবাৰে ইৰানস্থিত আমেৰিকান সেনাৰ দুটাকৈ ঘাটিত ক্ষেপনাস্ত্ৰৰে আক্ৰমণ চলাইছিল ইৰানে ৷ এই আক্ৰমণৰ কিছুসময়ৰ পিচতে দুৰ্ঘটনাত পতিত হৈছিল ইউক্ৰেনিয়াৰ ইউক্ৰেনিয়ান জেটলাইনাৰৰ এখন বিমান ৷ দুৰ্ঘটনাটোত বিমানখনত থকা 176গৰাকী যাত্ৰীৰ আটাইকেইগৰাকীয়ে নিহত হৈছিল ৷ এই ঘটনা ইৰানৰ দ্বাৰা প্ৰক্ষেপন কৰা ক্ষেপনাস্ত্ৰৰ দ্বাৰাই সংঘটিত হ'ব পাৰে বুলি উল্লেখ কৰি দুৰ্ঘটনাটোক চৰম দুৰ্ভাগ্য়জনক বুলি আখ্যা দিয়ে ইৰানৰ ৰাষ্ট্ৰপতি হাছান ৰৌহানিয়ে ৷

ইউক্ৰেইনৰ বিমান ধ্বংস সন্দৰ্ভত ইৰানৰ স্পষ্টীকৰণ

উল্লেখ্য যে, ইৰানৰ কুৱাড ফৰ্চৰ প্ৰধান মেজৰ জেনেৰেল কাছেম চুলেইমানিৰ হত্যাৰ পিচতেই ইৰানে আমেৰিকান সেনাৰ ঘাটিত লক্ষ্য কৰি লৈছিল ৷

Last Updated : Jan 11, 2020, 6:29 PM IST

ABOUT THE AUTHOR

...view details