অসম

assam

ETV Bharat / international

কেনে চলিছে বিভিন্ন দেশৰ ৰমজানৰ বজাৰ? - Festivals in india

হিংসা-সন্ত্ৰাস, ৰাজনৈতিক অস্থিৰতাৰ লগতে নিবনুৱা সমস্যা আৰু মুদ্ৰাস্ফীতিয়ে এই দেশসমূহৰ ৰমজানৰ বজাৰতো প্ৰভাৱ পেলাইছে ৷ গাজা, লেবানন,পাকিস্তানৰ দৰে অশান্ত অঞ্চলৰ ব্যৱসায়ীসকলে ৰমজানৰ বজাৰ সন্তোষজনক নহয় বুলি মন্তব্য কৰিছে ৷

আৰম্ভ হ'ল পবিত্ৰ ৰমজান মাহ !

By

Published : May 7, 2019, 10:08 AM IST

Updated : May 7, 2019, 10:38 AM IST

নিউজ ডেস্ক , 07 মে' : আৰম্ভ হ'ল ৰমজানৰ পবিত্ৰ মাহ ৷ সমগ্ৰ বিশ্বৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলে ৰমজানৰ বাবে প্ৰস্তুতি চলোৱাৰ সমান্তৰালকৈ ব্যৱসায়ীসকলেও ৰমজানত প্ৰয়োজনীয় বিভিন্ন সামগ্ৰী বজাৰত মেলি দিছে ৷ ৰমজানৰ সময়ত মূলতঃ ফল-মূল, শাক-পাচলিৰ চাহিদা আটাইতকৈ বেছি হোৱা দেখা যায় ৷

আৰম্ভ হ'ল পবিত্ৰ ৰমজান মাহ !

কিন্তু বহুকেইখন মুছলিম প্ৰধান দেশত ৰমজানৰ বজাৰত পূৰ্বৰ সেই উৎসাহ পৰিলক্ষিত হোৱা নাই বুলি জনাইছে ব্যৱসায়ীসকলে ৷ হিংসা-সন্ত্ৰাস, ৰাজনৈতিক অস্থিৰতাৰ লগতে নিবনুৱা সমস্যা আৰু মুদ্ৰাস্ফীতিয়ে এই দেশসমূহৰ ৰমজানৰ বজাৰতো প্ৰভাৱ পেলাইছে ৷ গাজা, লেবানন,পাকিস্তানৰ দৰে অশান্ত অঞ্চলৰ ব্যৱসায়ীসকলে ৰমজানৰ বজাৰ সন্তোষজনক নহয় বুলি মন্তব্য কৰিছে ৷

Last Updated : May 7, 2019, 10:38 AM IST

ABOUT THE AUTHOR

...view details