ইণ্টাৰনেশ্যনেল ডেস্ক, ২৩ মে':ইজৰাইল আৰু পেলেষ্টাইনৰ মাজৰ যুদ্ধবিৰতিৰ ঘোষণাক সকলোৱে আদৰণি জনোৱা দেখা গৈছে । এইবাৰ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদেও গাজাত যুদ্ধবিৰতিৰ ঘোষণাক আদৰণি জনাইছে ৷
এক প্ৰেছ বিবৃতিৰ জৰিয়তে পৰিষদে ২১ মে'ৰ পৰা আৰম্ভ হোৱা যুদ্ধবিৰতি ঘোষণাক আদৰণি জনোৱাৰ লগতে এই ক্ষেত্ৰত ইজিপ্তৰ লগতে অন্যান্য আঞ্চলিক দেশ, ৰাষ্ট্ৰসংঘ, মধ্য প্ৰাচ্য আৰু অন্যান্য আন্তঃৰাষ্ট্ৰীয় অংশীদাৰসকলে পালন কৰা গুৰুত্বপূৰ্ণ ভূমিকাৰ শলাগ লয় ৷
পৰিষদে এই যুদ্ধবিৰতি সম্পূৰ্ণৰূপে পালন কৰিবলৈ আহ্বান জনোৱাৰ লগতে এই হিংসাৰ ফলত হোৱা সাধাৰণ নাগৰিকৰ মৃত্যুত শোক প্ৰকাশ কৰে । নিৰাপত্তা পৰিষদৰ সদস্যসকলে বিশেষকৈ গাজাৰ সাধাৰণ নাগৰিক সকলৰ তাৎক্ষণিক প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ৷
পৰিষদে লগতে দ্ৰুত, বহনক্ষম পুনৰনিৰ্মাণ আৰু পুনৰুদ্ধাৰৰ উদ্দেশ্যে এক একত্ৰিত আৰু শক্তিশালী পদক্ষেপ গ্ৰহণ কৰি ৰাষ্ট্ৰসংঘৰ সৈতে কাম কৰিবলৈ সচিব প্ৰধানে আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত সকলোকে আহ্বান জনোৱা কাৰ্যক সমৰ্থন আগবঢ়ায় ৷
লগতে পঢ়ক:পূব জেৰুজালেমৰ আল আকছা মছজিদত পুনৰ উত্তেজনা