ইন্টাৰনেশ্বনেল ডেক্স,24 ফেব্ৰুৱাৰীঃ আফগান সুৰক্ষা বাহিনীৰ ওপৰত পুনৰ আক্ৰমণ তালিবানৰ ৷ যুদ্ধবিধস্ত দেশখনত ‘হিংসা হ্ৰাস’ চুক্তি স্বাক্ষৰৰ মাত্ৰ এসপ্তাহ পূৰ্বেই তালিবানে পুনৰ আক্ৰমণ সংঘটিত কৰে ৷ শাহৱালী কোট জিলাৰ আফগান সুৰক্ষা কনভয়ৰ ওপৰত আক্ৰমণ চলোৱাৰ উপৰিও জিলাখনৰ চৰকাৰী বিহিনীৰ এখন বাহনৰ কাষত মাইন বিস্ফোৰণ কৰে তালিবানীয়ে ৷ শনিবাৰৰ পৰা কাৰ্যকৰী হোৱা হিংসা হ্ৰাস চুক্তিৰ কেইঘন্টামানৰ পিছতেই তালিবান আৰু আফগান সুৰক্ষা কৰ্মীসকল কমেও আঠবাৰকৈ সংঘৰ্ষত লিপ্ত হয় ৷ এই সংঘৰ্ষসমূহ ফৰয়াব,উৰুজগান,পাকটিয়া,বাল্খ,বাদঘীচ,হেলমাণ্ড, আৰু কাপচিয়া প্ৰদেশত সংঘটিত হয় ৷
আফগান সুৰক্ষা বাহিনীৰ ওপৰত পুনৰ আক্ৰমণ তালিবানৰ - আফগান সুৰক্ষা কনভয়
আফগান সুৰক্ষা বাহিনীৰ ওপৰত পুনৰ আক্ৰমণ তালিবানৰ ৷ যুদ্ধবিধস্ত দেশখনত ‘হিংসা হ্ৰাস’ চুক্তি স্বাক্ষৰৰ মাত্ৰ এসপ্তাহ পূৰ্বেই তালিবানে পুনৰ আক্ৰমণ সংঘটিত কৰে ৷ শাহৱালী কোট জিলাৰ আফগান সুৰক্ষা কনভয়ৰ ওপৰত আক্ৰমণ চলোৱাৰ উপৰিও জিলাখনৰ চৰকাৰী বিহিনীৰ এখন বাহনৰ কাষত মাইন বিস্ফোৰণ কৰে তালিবানীয়ে ৷

শনিবাৰৰ এই আক্ৰমণৰ পূৰ্বে তালিবানৰ মুখপাত্ৰ জাবিহুলালহ মুজাহিদে এক বিবৃতিযোগে কয় যে, চুক্তিখনৰ আওতাত অহা অঞ্চলসমূহ হ’ল ‘সমগ্ৰ প্ৰদেশৰ কেন্দ্ৰ, সমগ্ৰ সেনা (আফগান সামৰিক সেনা),ইউনিট,বিভাগ (আফগান সেনা বিভাগ), তথা সমগ্ৰ বৈদেশীক ঘাটি’ ৷ ‘চুক্তি বহিৰ্ভূত আঞ্চসমূহত সংঘটিত গুলিয়াগুলী আৰু আক্ৰমণৰ ঘটনাক উলংঘন হিচাপে গ্ৰহণ কৰা উচিত নহয়,কাৰণ এইয়া দেশব্যাপী যুদ্ধবিৰতি নহয়’ টুইটাৰযোগে এই মন্তব্য তালিবানৰ মুখপাত্ৰ গৰাকীৰ ৷ বিগত 18 মাহে দোহাত দুয়োপক্ষৰ মাজত চলি থকা বুজাবুজিৰ অন্তত 29 ফেব্ৰুৱাৰীত তালিবান আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত ‘হিংসা হ্ৰাস’ স্বাক্ষৰ কৰা হ’ব ৷ আশা কৰা হৈছে যে, স্বাক্ষৰিত হ’বলগীয়া এই চুক্তিখনে এফালে তালিবানৰ মাজত আন্তঃআফগান আলোচনা কৰিব আৰু আনফালে আফগান গণতন্ত্ৰৰ চৰকাৰ আৰু নাগৰিক প্ৰতিষ্ঠানৰ প্ৰতিনিধিত্ব কৰিব ৷