অসম

assam

ETV Bharat / international

নিউজিলেণ্ডত আৰক্ষী বিষয়াৰ ওপৰত আক্ৰমণ কৰি পলায়ন দুৰ্বৃত্তৰ - নিউজিলেণ্ডৰ আকলেণ্ড

নিউজিলেণ্ডৰ অকলেণ্ডত আৰক্ষী বিষয়াৰ ওপৰত আক্ৰমণ অচিনাক্ত দুৰ্বৃত্তৰ । ট্ৰেফিক পইণ্টত কৰ্মৰত থকা অৱস্থাতে গাড়ীৰ পৰা কোনো অচিনাক্ত লোকে আৰক্ষী বিষয়া দুগৰাকীলৈ গুলীবৰ্ষণ কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে ।

নিউজিলেণ্ড
নিউজিলেণ্ডত আৰক্ষী বিষয়াৰ ওপৰত আক্ৰমণ পলায়ন দুৰ্বৃত্তৰ

By

Published : Jun 19, 2020, 11:18 AM IST

ইন্টাৰনেশ্যনেল ডেস্ক, ১৯ জুনঃ নিউজিলেণ্ডত আৰক্ষীৰ ওপৰত আক্ৰমণ অচিনাক্ত দুৰ্বৃত্তৰ । নিউজিলেণ্ডৰ আকলেণ্ডত দুগৰাকীকৈ আৰক্ষী বিষয়াক কৰ্মৰত অৱস্থাতে এখন চাৰিচকীয়া বাহত অহা এটি দূৰ্বৃত্তই পদপথত গুলিয়াই ঘটনাস্থলীৰ পৰা পলায়ন কৰে ।

নিউজিলেণ্ডত আৰক্ষী বিষয়াৰ ওপৰত আক্ৰমণ পলায়ন দুৰ্বৃত্তৰ

আনহাতে, গুলীবৃদ্ধ দুয়োগৰাকী আৰক্ষী বিষয়াক সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হয় ওচৰৰ এখন চিকিৎসালয়ত ।

ঘটনা সন্দৰ্ভত এগৰাকী আৰক্ষী বিষয়াই সদৰি কৰা অনুসৰি, শুকুৰবাৰে পুৱা এটি ট্ৰেফিক ষ্টপত কৰ্মৰত আছিল বিষয়া দুগৰাকী আৰু তাতেই গাড়ীৰ ভিতৰৰ পৰা গুলীচালনা কৰে অচিনাক্ত দুৰ্বৃত্তই । তাৰোপৰি ঘটনাস্থলীত উপস্থিত থকা এজন ব্যক্তিকো গাড়ীৰে খুন্দিয়াই আহত কৰে বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ।

উল্লেখ্য যে, বিগত বৰ্ষত নিউজিলেণ্ডত শুকুৰবাৰে গীৰ্জাঘৰত অনুষ্ঠিত সমূহীয়া প্ৰাৰ্থনা সভাত এজন বন্দুকধাৰী ব্যক্তিয়ে ৫১ জন ব্যক্তিক হত্যা কৰে । তাৰ পাচতে সমগ্ৰ নিউজিলেণ্ডত ছেমিঅট'মেটিক অস্ত্ৰ নিষিদ্ধ কৰাৰ এখন নতুন অস্ত্ৰ নিয়ন্ত্ৰণ আইন প্ৰণয়ন কৰা হয় ।

ABOUT THE AUTHOR

...view details