নিউজ ডেস্ক, 16 আগষ্ট : বিশ্বত প্ৰতিদিনে বৃদ্ধি পাই আহিছে ক'ভিড-19 ত আক্ৰান্ত লোকৰ সংখ্যা ৷ প্ৰতিদিনে হাজাৰ-হাজাৰ লোক নতুনকৈ এই ভাইৰাছবিধত আক্ৰান্ত হৈছে ৷
শেহতীয়াকৈ সমগ্ৰ বিশ্বজুৰি কৰ'ণা ভাইৰাছত 2,16,17,761 তকৈ অধিক লোক আক্ৰান্ত হৈছে ৷ একেদৰে বিশ্বজুৰি মৃত্যু হোৱা লোকৰ সংখ্যা 7,69,004 গৰাকী ৷ ইয়াৰ সমান্তৰালকৈ সমগ্ৰ বিশ্বজুৰি বৰ্তমানলৈ 1,43,33,897 গৰাকী লোকে এই ভাইৰাছবিধৰ পৰা মুক্তি লাভ কৰিছে ৷
শেহতীয়াকৈ দক্ষিণ কোৰিয়াত নতুনকৈ279 গৰাকী লোক এই ভাইৰাছত আক্ৰান্ত হৈছে ৷ মাৰ্চৰ প্ৰথম অৱস্থাৰ পিচত দেশখনত প্ৰথমবাৰৰ বাবে নতুনকৈ ইমান লোক এই ভাইৰাছত আক্ৰান্ত হৈছে ৷ যিয়ে দেশখনত পুনৰ ভাইৰাছবিধে ত্ৰাস চলোৱাৰ আকাংক্ষা কৰা হৈছে ৷