ইণ্টাৰনেশ্যনেল ডেস্ক, ২৩ অক্টোবৰ: উত্তৰ-পশ্চিম ছিৰিয়াত আমেৰিকা যুক্তৰাষ্ট্ৰ(US)ৰ এয়াৰ ষ্ট্ৰাইক(Airstrike) । এই আক্ৰমণত নিহত হ'ল আল কায়দাৰ এজন শীৰ্ষ নেতা আব্দুল হামিদ আল-মাটাৰ । শুকুৰবাৰে কেন্দ্ৰীয় কমাণ্ডৰ মুখপাত্ৰ মেজৰ জন ৰিগছবীয়ে নিশ্চিত কৰে এই কথা । ৰিগছবীয়ে কয় যে, mq-9 এয়াৰ ক্ৰাফ্টেৰে কৰা এই আক্ৰমণত সাধাৰণ নাগৰিকৰ মৃত্যু হোৱা নাই ।
বিবৃতিত উল্লেখ থকা অনুসৰি, আল-কায়দাই আমেৰিকা আৰু মিত্ৰশক্তিৰ বাবে ভাবুকি দি আহিছে । লগতে বিবৃতিত উল্লেখ কৰা হৈছে যে, আল-কায়দাই নিজৰ সংগঠনক পুনৰ শক্তিশালী কৰা, আন সহযোগী সংগঠনৰ সৈতে সমন্বয় গঢ়ি তোলা আৰু সন্ত্ৰাসবাদী কাৰ্য-কলাপৰ পৰিকল্পনা কৰাৰ বাবে ছিৰিয়াক এক সুৰক্ষিত ঠাই হিচাপে ব্যৱহাৰ কৰে । আল-কায়দাৰ এই শীৰ্ষ নেতাজনৰ মৃত্যুৱে পাচত সন্ত্ৰাসবাদী সংগঠনটোত মোক্ষম আঘাত হানিব । আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিকৰ ওপৰত আক্ৰমণৰ আশংকাও হ্ৰাস পাব বুলি আশা কৰা হৈছে ।