অসম

assam

ETV Bharat / international

উটৰ পিঠিত উঠি জেৰুজালেমত চান্টাৰ আনন্দ বিলোৱাৰ প্ৰয়াস - পুৰণি জেৰুজালেম চহৰত চান্টা ক্লজ

উৎসৱৰ সময়ছোৱাত ক'ভিড-19 সৃষ্ট পৰিৱেশৰ বাবে ম্লান পৰা উৎসাহ আৰু আনন্দ ঘূৰাই আনিবৰ বাবে পুৰণি জেৰুজালেম চহৰত চান্টা ক্লজ ৷ চান্টাক্লজৰ সাজত উটত উঠি পুৰণি জেৰুজালেম চহৰবাসীক আনন্দিত কৰাৰ প্ৰচেষ্টা ৷

Santa brings holiday cheers to Jerusalem
উটৰ পিঠিত উঠি জেৰুজালেমত চান্টাৰ আনন্দ বিলোৱাৰ প্ৰয়াস

By

Published : Dec 24, 2020, 1:58 PM IST

নেচনেল ডেস্ক, 24 ডিচেম্বৰ:ক'ভিড অতিমাৰী সৃষ্ট পৰিৱেশৰ পৰিপ্ৰেক্ষিতত পৰ্যটক আৰু তীৰ্থযাত্ৰী অবিহনে চহৰখনে এক বিৱৰ্ণ খ্ৰীষ্টমাছ উদযাপন কৰিবলৈ সাজু হোৱাৰ সময়তে চহৰবাসীৰ মনত হাঁহি বিলোৱাৰ বাবে মঙলবাৰে পুৰণি জেৰুজালেম চহৰত উটৰ পিঠিত উঠি চান্টাক্লজে সকলোকে আনন্দিত কৰি তুলিবলৈ চেষ্টা কৰা পৰিলক্ষিত হ'ল ৷

সাধাৰণতে পৰ্যটকৰ সৈতে ব্যস্ত থকা চহৰবাসীয়ে এইবাৰ ক'ভিডসৃষ্ট পৰিৱেশৰ পৰিপ্ৰেক্ষিতত যথেষ্ট কষ্ট স্বীকাৰ কৰিব লগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে ৷ অৱশ্যে এনে পৰিস্থিতিৰ পাছতো উটত উঠি অহা চান্টাক শিশুসকলে আগুৰি ধৰা দেখিবলৈ পোৱা গ'ল ৷ চহৰবাসীয়েও জেৰুজালেম পৌৰ নিগমে বিতৰণ কৰা খ্ৰিষ্টমাচ ট্ৰি সংগ্ৰহ কৰিবলৈ অহা পৰিলক্ষিত হ'ল ৷

Tel Aviv তো চান্টাৰ পোচাক পৰিহিত চাৰিগৰাকী লোকে পৌৰনিগমৰ দ্বাৰা আয়োজিত ভলীবল খেলা দেখিবলৈ পোৱা গ'ল ৷ সম্পূৰ্ণৰূপে চান্টাৰ পোচাক পৰিহিত এগৰাকীয়ে মন্তব্য কৰে যে, এই কঠিন সময়ছোৱাত আমি চান্টাৰ সাজত বীচ ভলীবল খেলিবলৈ আহিছো, শুভ বৰদিন ৷

উল্লেখ্য যে এই মাৰাত্মক ভাইৰাছবিধৰ বিৰুদ্ধে যুঁজখনত ইজৰাইলৰ ফলাফল প্ৰায় সংমিশ্ৰিত ধৰণৰ ৷ অৰ্থনীতি বিপৰ্যস্ত হোৱাৰ পৰা ৰক্ষা কৰাৰ বাবে সীমান্ত অঞ্চল বন্ধ কৰাৰ লগতে দেশখনত লক ডাউন ঘোষণা কৰাৰ বাবে ইজৰাইলী প্ৰধানমন্ত্ৰী গৰাকীয়ে লোৱা সময়োচিত সিদ্ধান্তৰ বাবে দেশবাসীয়ে প্ৰধানমন্ত্ৰী গৰাকীক প্ৰশংসা কৰে ৷ প্ৰধানমন্ত্ৰী গৰাকীৰ উক্ত সিদ্ধান্তৰ ফলতে দেশখনত অধিক ভাইৰাছ সংক্ৰমণৰ পৰা ৰক্ষা পৰে ৷

অৱশ্যে বৰ্তমান পুনৰ ভাইৰাছ সংক্ৰমণৰ হাৰ পুনৰ দ্ৰুতগতিত বাঢ়ি যোৱাৰ ফলত ইজৰাইলৰ নেতা সকলৰ মাজত দেশত পুনৰ তৃতীয়টো লক ডাউন ঘোষণা কৰাক লৈ চিন্তা চৰ্চা চলিছে ৷ অতিমাৰী আৰম্ভ হোৱাৰে পৰা ইজৰাইলত মুঠ 380,000 হাজাৰ লোক ক'ৰণাত আক্ৰান্ত হৈছে আৰু 3,111 গৰাকী লোক ভাইৰাছৰ সৈতে জড়িত ৰোগত মৃত্যমুখত পৰিছে ৷

লগতে পঢ়ক:ছিডনীত খ্ৰীষ্টমাছ উদযাপন পেংগুইনৰ

ABOUT THE AUTHOR

...view details