নিউজ ডেস্ক, 1এপ্ৰিলঃপ্ৰকৃতিৰ ধ্বংসলীলাত বিধ্বস্ত নেপালৰ জনজীৱন ৷ চুবুৰীয়া ৰাষ্ট্ৰখনত দেওবাৰে অহা ধুমুহা-বৰষুণৰ ফলত প্ৰাণ হেৰুৱাইছে 27 জনকৈ লোকে ৷ এই প্ৰাকৃতিক বিপৰ্যয়ত গুৰুতৰভাৱে আহত হয় 400 জনকৈ লোক ৷
বিধ্বংসী ধুমুহাত নেপালত নিহত 27 জনকৈ লোক - নেপাল
ধুমুহা-বৰষুণৰ কৱলত পৰা লোকক উদ্ধাৰৰ বাবে মোতায়েন কৰা হৈছে দুখনকৈ মিগ 17 হেলিকাপ্টাৰ ৷ প্ৰাকৃতিক বিপৰ্যয়ত গুৰুতৰভাৱে আহত হয় 400 জনকৈ লোক
![বিধ্বংসী ধুমুহাত নেপালত নিহত 27 জনকৈ লোক](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2865850-757-4ea97a96-8359-4436-bcc6-de441a41495a.jpg)
etv bharat
প্ৰয়োজনবশত ধুমুহা-বৰষুণৰ কৱলত পৰা লোককউদ্ধাৰৰ বাবে মোতায়েন কৰা হৈছে দুখনকৈ মিগ-17 হেলিকাপ্টাৰ ৷ 100 জন সেনা জোৱানে অব্যাহত ৰাখিছে ধুমুহাৰ কৱলত পৰা লোকৰ উদ্ধাৰ অভিযান ৷ নেপালৰ বাৰা জিলাত ধুমুহাৰ প্ৰাৱল্য সৰ্বাধিক বুলি জানিবলৈ দিছে পাৰচা জিলাৰ আৰক্ষী অধীক্ষকে ৷ ধুমুহাৰ ফলত ব্যাহত হৈ পৰিছে কাঠমাণ্ডুৰ সমীপৱৰ্তী অঞ্চলৰ যাতায়ত ব্যৱস্থা ৷ এই আপদকালীন পৰিস্থিতিত জনসাধাৰণক সাৱধানতা অৱলম্বন কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে নেপালৰ প্ৰশাসনে ৷