অসম

assam

ETV Bharat / international

তুৰ্কীৰ ভূমিকম্পই প্ৰাণ ল’লে 22 গৰাকীৰ - এজিয়েন সাগৰ

শুকুৰবাৰে তুৰ্কী উপকূল আৰু গ্ৰীকৰ দ্বীপ চামোচৰ মাজত অৱস্থিত এজিয়েন সাগৰত হোৱা ভূমিকম্পৰ ফলত 22 গৰাকী লোক মৃত্য়ু হোৱাৰ বিপৰীতে 700তকৈও অধিক লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷

Quake strikes Turkish coast and Greek island, killing 19
তুৰ্কী উপকূল আৰু গ্ৰীক দ্বীপৰ ভূমিকম্পই প্ৰাণ ল’লে 19 গৰাকীৰ

By

Published : Oct 31, 2020, 9:27 AM IST

নিউজ ডেস্ক,31 অক্টোবৰ : তুৰ্কী উপকূল আৰু গ্ৰীকৰ দ্বীপ চামোচৰ মাজত অৱস্থিত এজিয়েন সাগৰত শুকুৰবাৰে এক শক্তিশালী ভূমিকম্পৰ সৃষ্টি হয় ৷ উচ্চ প্ৰাবল্যৰ এই ভূমিকম্পৰ ফলত 22 গৰাকীকৈ লোক নিহত হোৱাৰ বিপৰীতে 700তকৈও অধিক লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে ৷

ইস্তানবুলস্থিত Kandilli Observatory and Earthquake Research Instituteৰ সঞ্চালক Haluk Ozenerয়ে সদৰি কৰা মতে, ভূমিকম্পৰ ফলত পশ্চিম তুৰ্কীৰ ইজমিৰ চহৰৰ দক্ষিণ প্ৰান্তৰ চেফেৰিহিচৰ জিলাত এক সৰু চুনামী হয় ৷

তুৰ্কীৰ Disaster and Emergency Management Presidencyয়ে উল্লেখ কৰা মতে,তুৰ্কীৰ তৃতীয়খন বৃহৎ চহৰ ইজমিৰত এতিয়ালৈ 22 গৰাকী লোকৰ মৃত্য়ু হৈছে ৷ ইয়াৰে মাজৰ এগৰাকী পানীত ডুবি মৃত্যু হয় আৰু 709 গৰাকী আঘাতপ্ৰাপ্ত হয় ৷

নিহত লোকসকলৰ মাজত Turkish Medical Association’s Izmir branchৰ মহাসচিবৰ পত্নী আৰু দুই সন্তানো আছে ৷ স্বাস্থ্য বিভাগে জনোৱা মতে,দ্বীপটোত প্ৰায় 19 গৰাকী লোক আঘাতপ্ৰাপ্ত হয়,য’ত দুগৰাকী এথেন্সৰ 14 বৰ্ষীয় আৰু বাকী 7 গৰাকীক হাস্পতালত ভৰ্তি কৰোৱা হয় ৷

তুৰ্কীৰ উপকূলত সংঘটিত হোৱা এই সৰু চুনামীয়ে চামোচক প্ৰভাৱিত কৰে ৷ কৰ্তৃপক্ষই সকলোকে ইমাৰতৰ পৰা দূৰত্ব বজাই ৰাখিবলৈ আহ্বান জনায় ৷

প্ৰায় 70 গৰাকী লোকক অট্টালিকাসমূহৰ পৰা উদ্ধাৰ কৰা হৈছে ৷ ইতিমধ্যে চাৰিটা অট্টালিকা ভাঙি পৰাৰ লগতে 10 তাতকৈও অধিক অট্টালিকা ক্ষতিগ্ৰস্ত হয় ৷ ইজমিৰ চৰকাৰে এই কথা উল্লেখ কৰে ৷

কন্দিল্লী প্ৰতিষ্ঠানত দুপৰীয়া 2.51 বজাত 6.9 প্ৰাৱল্যৰ ভূমিকম্পটো সংঘটিত হয় ৷ ক্ষতিগ্ৰস্ত অঞ্চলসমূহত বৰ্তমানেও উদ্ধাৰ অভিযান অব্যাহত আছে ৷

লগতে পঢ়ক :ফ্ৰান্সত গিৰ্জা আক্ৰমণঃ আটক আন এজন লোক

ABOUT THE AUTHOR

...view details