নিউজ ডেস্ক, 10 ডিচেম্বৰ : ইৰাকৰ চুলেমানীয়া প্ৰদেশৰ এখন চহৰৰ জনসাধাৰণে বুধবাৰে চৰকাৰে দৰমহা প্ৰদানত পলম কৰা আৰু চৰকাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি দুটাকৈ মুখ্য কুৰ্দিশ্ব ৰাজনৈতিক শক্তিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ৰাজপথলৈ ওলাই আহে ৷ এই প্ৰতিবাদে এটা সময়ত হিংসাত্মক ৰূপ ধাৰণ কৰে ৷ প্ৰতিবাদকাৰী সকলে কুুৰ্দিস্তান গণতান্ত্ৰিক দল আৰু গৰান মুব্মেন্ট নামৰ ৰাজনৈতিক দলৰ মুখ্য কাৰ্যালয়ত অগ্নি সংযোগো কৰে ৷
ইৰাকৰ অৰ্ধ-চৰকাৰী উচ্চাধিকাৰী মানৱধিকাৰে কয় যে, চমচল, কেফ্ৰী, দৰবেদিকান, খমনোৰ আৰু চইদছাদিকৰ অঞ্চলসমূহত মুঠ আঠগৰাকী প্ৰতিবাদকাৰী প্ৰতিবাদৰ সময়ত হোৱা সংঘৰ্ষত নিহত হৈছে ৷