অসম

assam

ETV Bharat / international

ত্ৰিদেশীয় ভ্ৰমণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী - আৰব

ফ্ৰাঞ্চ, আৰৱ আৰু বাহৰেইনলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ ইয়াৰ প্ৰথম পৰ্যায়ত তেওঁ বৃহস্পতিবাৰে পেৰিচলৈ যায় ৷

ত্ৰিদেশীয় ভ্ৰমণলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

By

Published : Aug 22, 2019, 6:31 PM IST

নেশ্যনেল ডেস্ক, 22 আগষ্টঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে তেওঁৰ ত্ৰিদেশীয় ভ্ৰমণৰ প্ৰথম কাৰ্যসূচী হাতত লয় ৷ 22 আগষ্টৰ পৰা 26 আগষ্টলৈ এই ভ্ৰমণ কালত তেওঁ ফ্ৰাঞ্চ, আৰব আৰু বাহৰেইনলৈ যাব ৷

ইয়াৰ প্ৰথম পৰ্যায়ত বৃহস্পতিবাৰে পেৰিচলৈ যায় প্ৰধানমন্ত্ৰীগৰাকী ৷ বৃহস্পতিবাৰে সন্ধিয়া তেওঁ ফ্ৰাঞ্চত উপস্থিত হৈ ফ্ৰাঞ্চৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰণৰ লগত মিলিত হব ৷ ইয়াৰ পিছত ৰাষ্ট্ৰপতি গৰাকীয়ে মোদীৰ বাবে আয়োজন কৰা নৈশ ভোজত অংশগ্ৰহণ কৰিব ৷ এই অনুষ্ঠান পেৰিছৰ পৰা 60 কিঃমিঃ দূৰত অনুষ্ঠিত হ’ব ৷

\ভ্ৰমণৰ দ্বিতীয় দিনা প্ৰধানমন্ত্ৰী গৰাকী ফ্ৰাঞ্চৰ প্ৰধানমন্ত্ৰী এডৱাৰ্ড চাৰ্ল্স ফিলিপ আৰু UNESCOৰ ডাইৰেক্টৰ জেনেৰেল অদ্ৰে এ’জলেৰ লগত মিলিত হ’ব ৷ ইয়াৰ লগতে ফ্ৰাঞ্চত থকা ভাৰতীয় সকলৰ লগত মিলিত হ’ব প্ৰধানমন্ত্ৰীগৰাকী ৷


ফ্ৰাঞ্চৰ পিছত 23আগষ্টত প্ৰধানমন্ত্ৰীগৰাকী উপস্থিত হ’ব আৰৱত ৷ আৰৱত আবু ধাবিৰ ৰাজকুমাৰৰ লগত এক দ্বিপাক্ষিক বৈঠকত মিলিত হব ৷ ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰীগৰাকীলৈ প্ৰদান কৰা হ’ব আৰবৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘Order of Zayed’ ৷ ইয়াতে প্ৰধানমন্ত্ৰী গৰাকীয়ে মুকলি কৰিব RuPay কাৰ্ড ৷


ইয়াৰ পিছতে 25 আৰু 26 আগষ্টত বাহৰেইনত উপস্থিত হব প্ৰধানমন্ত্ৰীগৰাকী ৷ তেওঁ এই ভ্ৰমণৰ সময়ত শ্ৰীনাথজী মন্দিৰ দৰ্শন কৰিব ৷

ইয়াৰ লগতে বাহৰেইনত থকা ভাৰতীয় সকলৰ লগত মিলিত হ’ব প্ৰধানমন্ত্ৰীগৰাকী ৷

ABOUT THE AUTHOR

...view details