নিউজ ডেস্ক, 18 স্পৰ্টছঃ গাজা পট্টীত দক্ষিণ ইজৰাইলৰ ওপৰত ৰকেট আক্ৰমণ পেলেস্তাইনৰ ৷ তিনিটাকৈ ৰকেট আক্ৰমণ কৰাৰ কথা সদৰী কৰে ইজৰাইলৰ সেনাই ৷ 24 ঘণ্টাৰ ভিতৰত এইয়া আছিল পেলেস্তাইনৰ দ্বিতীয়টো আক্ৰমণ ৷ ইয়াৰ পূৰ্বে শুকুৰবাৰেও আক্ৰমণ ঘটনা সংঘটিত হৈছিল ৷
ইজৰাইলক ৰকেট আক্ৰমণ পেলেস্তাইনৰ - rocket
ইজৰাইলৰ ওপৰত ৰকেট আক্ৰমণ পেলেস্তাইনৰ ৷ শনিবাৰে তিনিটা কৈ ৰকেট আক্ৰমণৰ দাবী ইজৰাইল সেনাৰ ৷
ইজৰাইলৰ ওপৰত পেলেস্তাইনৰ ৰকেট আক্ৰমণ
তিনিটা ৰকেটৰ আক্ৰমণৰ ভিতৰত দুটা আইৰণ ডোম এৰিয়েল ডিফেন্স চিষ্টেমৰ দ্বাৰা প্ৰক্ষেপিত কৰা হৈছিল ৷ অৱশ্যে এই আক্ৰমণত কোনো লোক হতাহত হোৱা নাই ৷ অৱশ্যে তৃতীয়টো ৰকেট আক্ৰমণক লৈ কোনো ধৰণৰ মন্তব্য দিয়া নাই ইজৰাইল সেনাই ৷ ইয়াৰ প্ৰত্যুত্তৰত ইজৰাইল সেনাই যুদ্ধ বিমানেৰে গাজা পট্টীৰ তিনি ঠাইত আক্ৰমণ চলায় ৷ 2008 চনৰ পাচত ইজৰাইল আৰু পেলেচস্তাইনী এনক্লেৱ চলোৱা হমাছ-ইছলামিক গোটৰ মাজত বৰ্তমান লৈকে তিনিবাৰৰ বাবে যুদ্ধ সংঘটিত হৈছে ৷