নিউজ ডেস্ক, ১ মে' : COVID-১৯ ৰ মহামাৰী মাজতেই সযুক্ত আৰৱ আমিৰাতৰ পৰা ৩২ হাজাৰ ভাৰতীয়ৰ প্ৰত্যাৱৰ্তনৰ বাবে পঞ্জীয়ন । বৃহস্পতিবাৰে ভাৰত প্ৰত্যাৱৰ্তন মিচনৰ অধীনতেই পঞ্জীয়নৰ অনুমতি প্ৰদানৰ কথা ঘোষণা কৰিছিল ভাৰতৰ ৰাষ্ট্ৰদূতে । এই ঘোষণাৰ পাচতেই সন্ধিয়া ৫ বজালৈ প্ৰায় ৩২ হাজাৰ ভাৰতীয়ই পঞ্জীয়ন কৰা বুলি জানিব পৰা গৈছে ।
বুধবাৰে নিশা আবু ধাবীত ভাৰতীয় ৰাষ্ট্ৰদূত আৰু ভাৰতীয় কনচ্যুলেটে পঞ্জীয়ন গৃহত আৱেদন কৰাৰ কথা উল্লেখ কৰিছিল । এই ঘোষণা কৰাৰ পাচতেই পঞ্জীয়ণকৃত চাইটটো কাৰকৰী বিজুতিৰো সন্মুখীন হৈছিল বুলি জানিব পৰা গৈছে ।