ইণ্টাৰনেশ্বন্যেল, 4 জানুৱাৰীঃশনিবাৰে হাশ্বাদ অল শ্বাবী সামৰিক বাহিনীৰ ওপৰত পুনৰ এক এয়াৰ ষ্ট্ৰাইক চলালে শক্তিশালী আমেৰিকাই ৷ এই ড্ৰ’ণ আক্ৰমণতেই বহু শীৰ্ষ ইৰাণীয়ান সেনা প্ৰধান নিহত হোৱা বুলি দাবী কৰে আমেৰিকাৰ এটা ৰাজ্যিক টেলিভিচনে ৷
টেলিভিচনত উল্লেখ কৰা মতে, এই আক্ৰমণ উত্তৰ দিশত অৱস্থিত ইৰাকৰ ৰাজধানী চহৰ বাগদাদত সংঘটিত কৰা হৈছে ৷ কিন্তু এই আক্ৰমণত কিমান জন লোকৰ মৃত্যু হৈছে এই পৰ্যন্ত প্ৰকাশ কৰা হোৱা নাই ৷