ইন্টাৰনেশ্যনেল ডেস্ক,15 ডিচেম্বৰ: ইজৰালৰ প্ৰধান মন্ত্ৰী বেন্জামিন নেতান্যাহু তৃতীবাৰৰ বাবে চেল্ফ আইচ'লেচন থাকিব লগীয়া হৈছে ৷ ক'ভিড-19 পজিটিভ নোহোৱাকৈ তৃতীয়বাৰৰ বাবে নিজকে পৃথক কৰি ৰাখিছে প্ৰধান মন্ত্ৰী গৰাকীয়ে । প্ৰধান মন্ত্ৰী গৰাকীয়ে ক'ভিড-19 পজিটিভ হোৱা লোকৰ সংস্পৰ্শলৈ অহাৰ বাবে পুনৰ চেল্ফ আইচ'লেচনত থকাৰ সিদ্ধান্ত লোৱা বুলি মন্ত্ৰী গৰাকীৰ মুখপাত্ৰই জনায় ৷
যোৱাটো সপ্তাহৰ সোমবাৰে লিকড আদালতৰ সভাপতি মাইকেল ক্লেইনাৰৰ সৈতে ইজৰালৰ প্ৰধান মন্ত্ৰী বেনামিন নেতান্যাহুৰ সংস্পৰ্শলৈ আহিছিল আৰু ক্লেইনাৰে সোমবাৰে ক'ভিড-19 পৰীক্ষাত কৰাত পজিটিভ ফলাফল লাভ কৰে ৷ অৱশ্যে দেওবাৰ আৰু সোমবাৰে কৰা ক'ভিড-19 পৰীক্ষাত বেন্জামিন নেতান্যাহুৰ ৰিজাল্ট নিগেটিভ আহিছে যদিও পাঁচ দিন পৃথক কৈ থকাৰ সিদ্ধান্ত লৈছে ৷