ইণ্টাৰনেছনেল ডেস্ক, 14 জুন : ইজৰাইলৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে দেওবাৰে নাফটালি বেনেটে (Naftali Bennett) শপত গ্ৰহণ কৰে ৷ ইজৰাইলত প্ৰায় ১২ বছৰ ক্ষমতাত থকা প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ (Benjamin Netanyahu) শাসনৰ অৱসান ঘটাই ইজৰাইলৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হয় নাফটালি বেনেট (Naftali Bennett) ।
ইজৰাইলৰ ১২০ জনীয়া চিনেটে (সদন) ৬০-৫৯ টা ভোটৰ ব্যৱধানত তেওঁক ইজৰাইলৰ ত্ৰয়োদশ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰে ৷ ইজৰাইলৰ সোঁ পন্থী য়ামিনা দল (Right-Wing Yamina party)ৰ নেতা নাফটালি বেনেট (Naftali Bennett) মন্ত্ৰীসভাখন ২৭ জন মন্ত্ৰীৰে গঠন কৰা হৈছে ৷ ইয়াৰে ৯ গৰাকী মহিলা মন্ত্ৰী । নতুন চৰকাৰখনত সোঁপন্থী, বাওঁপন্থী আৰু কেন্দ্ৰৰ লগত এটা আৰৱ দলৰ সমৰ্থনত ভিন্ন ৰাজনৈতিক দলৰ মিত্ৰজোঁটত 120 জনীয়া চিনেটৰ দ্বাৰা গঠন কৰা হৈছে ৷ ৬৭ জন আইনী উপদেষ্টাৰ সমৰ্থনত য়েশ আতিদ দল (Yesh Atid party)ৰ মিকি লেভিক সদনৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰা হয় ৷