অসম

assam

ETV Bharat / international

ম্যানমাৰত সামৰিক অভিযানত বৰ্তমানলৈকে নিহত ৮৪০ গৰাকী

ম্যানমাৰত ১ ফেব্ৰুৱাৰীৰ সামৰিক অভ্যুত্থানৰ পিছত দেশখনত এতিয়ালৈকে কমেও ৮৪০ গৰাকী লোক নিহত হৈছে ৷ সামৰিক অভিযানৰ পিছৰে পৰা হাজাৰ হাজাৰ লোকক ৰাজপথত দেখা গৈছে ৷ কিয়নো দেশখনত গণতন্ত্ৰৰ বাবে আজিও সংগ্ৰাম অব্যাহত আছে ৷

By

Published : May 31, 2021, 11:00 AM IST

ম্যানমাৰত সামৰিক অভিযানত বৰ্তমানলৈকে নিহত ৮৪০ গৰাকী
ম্যানমাৰত সামৰিক অভিযানত বৰ্তমানলৈকে নিহত ৮৪০ গৰাকী

ইণ্টাৰনেশ্যনেল ডেস্ক,31 মে’: ম্যানমাৰত সামৰিক অভ্যুত্থান বিৰোধী প্ৰতিবাদকাৰীসকলৰ বিৰুদ্ধে অব্যাহত থকা অভিযানৰ লগে লগে দেওবাৰে তিনিজন লোককে ধৰি এতিয়ালৈকে প্ৰায় ৮৪০ গৰাকী লোক নিহত হৈছে বুলি এচিষ্টেন্স এছ'চিয়েশ্যন অৱ পলিটিকেল প্ৰিজনাৰছ (এএপিপি)য়ে সদৰী কৰিছে ৷ ৩০ মে'লৈকে এই অভ্যুত্থানৰ ফলত ৮৪০ গৰাকী লোক নিহত হোৱাটো নিশ্চিত হোৱাৰ কথা সদৰী কৰি এএপিপিয়ে কয় যে, প্ৰায় ৪,৪০৯ গৰাকী লোক বৰ্তমান বন্দী হৈ আছে ৷

প্ৰাপ্ত তথ্য অনুসৰি, এই অভিযানৰ সময়চোৱাতে দেওবাৰে মান্দালয় অঞ্চলত এগৰাকী ব্যক্তিৰ পেটত গুলী লাগে ৷ পৰৱৰ্তী সময়ত ঘটনা সন্দৰ্ভত ছয়জন যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ ইয়োনেটান ৱাৰ্ড আৰু হমান চো ৱাৰ্ডত অভিযান চলাইছিল অভিযানকাৰী দলে ৷ সম্প্ৰতি ম্যানমাৰৰ লোকসকল নগদ ধনৰ অভাৱৰ লগতে সামগ্ৰী আৰু সেৱাৰ বৰ্ধিত মূল্যৰ দৰে সমস্যাৰ সন্মুখীন হৈছে ৷ কিয়নো তেওঁলোকে ভৱিষ্যতৰ চিন্তাত বেংকত থকা সকলো সঞ্চয় উঠাই লৈছে ৷

উল্লেখ্য যে, দেশখনৰ সৰ্ববৃহৎ চহৰ য়াংগুনত মানুহে নগদ ধন পাবলৈ প্ৰতিদিনে পুৱা বেংকৰ বাহিৰত দীঘলীয়া শাৰী পতা পৰিলক্ষিত হৈছে ৷ ম্যানমাৰৰ স্থানীয় এক বাতৰি সংস্থাৰ তথ্য অনুসৰি, নগদ ধনৰ অভাৱৰ ফলত সামৰিক বাহিনীয়ে সৈনিকসকলক সময়মতে দৰমহা দিয়াটো কঠিন হৈ পৰিছে ৷ যাৰ ফলত একাংশই লুণ্ঠন কাৰ্যত নমা দেখা যায় ৷ বিগত ১ ফেব্ৰুৱাৰীত ম্যানমাৰৰ সামৰিক বাহিনীয়ে অসামৰিক চৰকাৰক উৎখাত কৰে আৰু এবছৰ ধৰি জৰুৰীকালীন অৱস্থা ঘোষণা কৰে ৷ পৰৱৰ্তী সময়ত এই অভ্যুত্থানে গণ প্ৰতিবাদ আৰম্ভ কৰি মাৰাত্মক হিংসাৰ সন্মুখীন হয় ৷

লগতে চাওকঃচতুৰ্থবাৰ উদ্বোধন একেখন এম্বুলেঞ্চ: বাতৰি পৰিৱেশন পাচতে ইটিভিৰ সাংবাদিকৰ বিৰুদ্ধে গোচৰ দাখিল

ABOUT THE AUTHOR

...view details