নিউজ ডেস্ক,7 নৱেম্বৰঃ আজেন্টিনাৰ ফুটবলৰ সম্ৰাট হিচাপে খ্যাত ডিয়েগো মাৰাডোনাৰ স্বাস্থ্যৰ ক্ৰমাৎ উন্নত পৰ্যায়লৈ গতি কৰিছে ৷ দীৰ্ঘদিন ধৰি ফুটবলৰ তাৰকাজন স্নায়ুৰোগত আক্ৰান্তৰ ফলত বুৱেনোছ আয়াৰ্ছৰ বাহিৰৰ এখন ক্লিনিকত চিকিৎসাধীন হৈ অছিল ৷
সুস্থ হৈছে আজেন্টিনাৰ ফুটবলৰ সম্ৰাট ডিয়েগো মাৰাডোনা
আজেন্টিনাৰ ফুটবলৰ সম্ৰাট হিচাপে খ্যাত ডিয়েগো মাৰাডোনাৰ মগজুৰ এক অস্ত্ৰোপ্ৰচাৰ সম্পন্ন হৈছে ৷ স্নায়ুৰোগত ভুগি আছিল তাৰকাজন ৷
সুস্থ হৈছে আজেন্টিনাৰ ফুটবলৰ সম্ৰাট ডিয়েগো মাৰাডোনা
ক্লিনিকৰ এজন স্নায়ুৰোগ বিশেষজ্ঞই জনোৱা অনুসৰি ইতিমধ্যে তাৰকা জনৰ মগজুৰ এক অস্ত্ৰোপ্ৰচাৰ সম্পন্ন হৈছে ৷ নিয়ম মতে অস্ত্ৰোপ্ৰচাৰৰ পাছত ডাক্তৰে যি সমূহ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ দিয়া হৈছে সেই সমূহ শুদ্ধমতেই প্ৰকাশ কৰিছে মাৰাডোনায় ৷ ইয়াৰ লগতে মাৰাডোনাৰ খং আৰু কপালৰ ঘাম ওলোৱা প্ৰত্যক্ষ কৰাৰ কথাও জানিবলৈ দিছে স্নায়ুৰোগ বিশেষজ্ঞজনে ৷
লগত পঢ়কঃমিজোৰামৰ আগ্ৰাসনঃ 12 ঘন্টীয়া বৰাক বন্ধৰ সৰ্বাত্মক প্ৰভাৱ