নিউজ ডেস্ক, 10 আগষ্ট :বেইৰুট জাহাজঘাটত সংঘটিত বিস্ফোৰণৰ এসপ্তাহ পিচতেই লেবাননৰ চৰকাৰে সমূহীয়া পদত্যাগ কৰিছে ৷ দেশখনৰ স্বাস্থ্যমন্ত্ৰী হামাড হাছানে এই কথা সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰিছে ৷ চৰকাৰৰ অধিকাংশ মন্ত্ৰীয়ে বিস্ফোৰণৰ প্ৰতি নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগৰ প্ৰতি দেখুওৱা আগ্ৰহৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে ৷
সোমবাৰে স্বাস্থ্যমন্ত্ৰী হামাড হাছানে কেবিনেট বৈঠকৰ অন্তত সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰে ৷ দেশখনত বিগত সপ্তাহত চলি থকা চৰকাৰবিৰোধী প্ৰতিবাদৰ মাজতেই স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে এই কথা ঘোষণা কৰিছে ৷ বিগত সপ্তাহত লেবাননত চৰকাৰ বিৰোধী বিক্ষোভকাৰী আৰু নিৰাপত্তা বাহিনীৰ মাজত দুবাৰকৈ সংঘৰ্ষৰ সৃষ্টি হৈছিল ৷ স্বাস্থ্যমন্ত্ৰী হামাডে উল্লেখ কৰা অনুসৰি, সমগ্ৰ চৰকাৰখনেই পদত্যাগ কৰিছে ৷ তেওঁলোকে প্ৰধানমন্ত্ৰী হাছান ডায়েবৰ নেতৃত্বত ৰাষ্ট্ৰপতি ভৱনত গৈ দেশখনৰ ৰাষ্ট্ৰপতিৰ আগত সমূহীয়া পদত্যাগ পত্ৰ অৰ্পন কৰিব বুলিও উল্লেখ কৰে ৷