অসম

assam

ETV Bharat / international

কোন আছিল ‘Blue eyed boy’ হামজা বিন লাডেন !

বাল্য কালৰ পৰায়ে সন্ত্ৰাসবাদৰ লগত জড়িত থকা হামজা সন্ত্ৰাসবাদৰ ক্ষেত্ৰখনৰ ‘Blue eyed boy’ হিচাপে পৰিচিত হৈ আহিছে ৷ চৌদি আৰবৰ জেদ্দাত জন্মগ্ৰহন কৰিছিল হামজয়ে ৷ ওচামা আৰু খায়ৰিয়াহ চাবৰৰ পুত্ৰ আছিল হামজা ৷ হামজাৰ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 30 বছৰ ৷

By

Published : Sep 15, 2019, 4:48 PM IST

কোন আছিল হামজা বিন লাডেন

ইণ্টাৰনেশ্বনেল ডেস্ক, 15 চেপ্তেম্বৰঃ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে শনিবাৰে হামজা বিন লাডেনৰ মৃত্যুৰ বাতৰি নিশ্চিত কৰে ৷ অল-কায়দাৰ উত্তৰাধিকাৰী হিচাপে গণ্য কৰা হৈছিল হামজাক ৷ আফগানিস্তান-পাকিস্তান অঞ্চলত হোৱা সন্ত্ৰাসবাদ বিৰোধী অভিযানত মৃত্যু হৈছে হামজাৰ ৷ হোৱাইট্ হাউছৰ পৰা প্ৰকাশিত তথ্য অনুসৰি হামজাৰ মৃত্যুৱে আল-কায়দাক নেতৃত্ববিহীন কৰি তুলিব ৷
বাল্যকালৰ পৰায়ে সন্ত্ৰাসবাদৰ লগত জড়িত থকা হামজা সন্ত্ৰাসবাদৰ ক্ষেত্ৰখনৰ ‘Blue eyed boy’ হিচাপে পৰিচিত হৈ আহিছিল ৷ চৌদি আৰবৰ জেদ্দাত জন্মগ্ৰহন কৰিছিল হামজায়ে ৷ ওচামা আৰু খায়ৰিয়াহ চাবৰৰ পুত্ৰ আছিল হামজা ৷ হামজাৰ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 30 বছৰ ৷

কোন আছিল হামজা বিন লাডেন
কোন আছিল হামজা বিন লাডেন?
  • ওচামা বিন লাডেনৰ 20 টা সন্তানৰ 15 নম্বৰৰ সন্তান আছিল হামজা
  • ওচামাৰ তৃতীয় পত্নী খায়ৰিয়াহ চাবৰৰ পুত্ৰ আছিল হামজা
  • 2019 চনৰ ফেব্ৰুৱাৰী মাহত মাৰ্কিন যুক্তৰাষ্ট্ৰই হামজাৰ মূৰৰ মূল্য 1 মিলিয়ন ডলাৰ ধাৰ্য কৰিছিল
  • 2017ত হামজাক মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সন্ত্ৰাসবাদীৰ ব্লেকলিষ্টত অন্তৰ্ভুক্ত কৰা হৈছিল
  • যোৱা আগষ্ট মাহত হামজাৰ মৃত্যু হোৱা বুলি মাৰ্কিন যুক্তৰাষ্ট্ৰয়ে ঘোষণা কৰিছিল যদিও তথ্য প্ৰমাণ দিবলৈ সক্ষম হোৱা নাছিল
  • জেহাদৰ যুৱৰাজ বুলি অভিহিত কৰা হৈছিল হামজাক
  • হামজায়ে প্ৰায়ে তেওঁৰ পিতৃৰ মৃত্যুৰ প্ৰতিশোধ লবলৈ অডিঅ’ আৰু ভিডিঅ’ মেচেজ প্ৰেৰণ কৰি আহিছিল ৷ যাৰ বাবে বহু নৱপ্ৰজন্মৰ লোক অল-কায়দাৰ প্ৰতি আকৰ্ষিত হৈ পৰিছিল ৷ উল্লেখযোগ্য যে, অল-কায়দাৰয়ে 11 চেপ্তেম্বৰৰ ‘World Trade Centre’ আক্ৰমণ সংঘটিত কৰিছিল য’ত প্ৰায় 3000 জন লোকৰ মৃত্যু হৈছিল
    কোন আছিল হামজা বিন লাডেন

অল-কায়দাৰ বাবে কিমান গুৰুত্বপূৰ্ণ আছিল হামজা বিন লাডেন?

  • ওচামা বিন লাডেনৰ মৃত্যুৰ পিছত হামজাকে সন্ত্ৰাসবাদী সংগঠনটোৰ মুৰব্বী বুলি ধাৰণা কৰা হৈছিল
  • 2015ত অল-কায়দাৰ এতিয়াৰ মুৰব্বী এ’মন-অল-জাৱাহাৰয়ে হামজাক সংগঠনটোৰ লগত আনুষ্ঠানিকভাবে চিনাকি কৰাই দিছিল
  • হামজায়ে সংগঠটো পুনৰুজ্জীৱিত কৰিব বুলি ধাৰণা কৰা হৈছিল

অল-কায়দাৰ বিষয়ে জানিব লগীয়া সকলো

  • 80ৰ দশকৰ শেষৰ ফালে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ছত্ৰচায়াত চোভিয়েট ইউনিয়নৰ বিৰুদ্ধে কিছু আৰব স্বেচ্ছাসেৱকক ব্যৱহাৰ কৰি আফগান মুজাহিদ্দিনৰ সৃষ্টি কৰিছিল
  • এই স্বেচ্ছাসেৱকসকলক লগত লৈ ওচামা বিন লাডেনে অল-কায়দাৰ সৃষ্টি কৰিছিল
  • 1989ত ওচামায়ে আফগানিস্তান এৰিছিল আৰু 1996ত প্ৰশিক্ষণ শিবিৰ প্ৰতিষ্ঠা কৰিবলৈ উভতি আহিছিল
  • আমেৰিকান, ইহুদী আৰু কিছু ধৰ্মৰ বিৰুদ্ধে ‘হলি ৱাৰ’ ঘোষণা কৰিছিল অল-কায়দায়ে
    কোন আছিল হামজা বিন লাডেন

ওচামা বিন লাডেনৰ পিছত কি হ’ল অল-কায়দাৰ?

  • 2011ত ওচামা বিন লাডেনৰ মৃত্যুৰ পিছত আবিৰ্ভাব ঘটিছিল 'ইচলামিৰ ষ্টেট'ৰ যাৰ বাবে শক্তি কমি আহিছিল অল-কায়দাৰ ৷ 2019ৰ ফেব্ৰুৱাৰী মাহত প্ৰকাশ হোৱা তথ্য মতে অল-কায়দায়ে পুনৰুত্থানৰ বাবে চেষ্টা চলাই আছিল

ক’ত সক্ৰিয় অল-কায়দা?

  • 2011 চনত শক্তি কমি অহাৰ পিছত সন্ত্ৰাসবাদী সংগঠনটো আফ্ৰিকাৰ কিছু অঞ্চল, মধ্য প্ৰচ্য আৰু দক্ষিন এচিয়াতে সীমাৱদ্ধ হৈ আছিল
    কোন আছিল হামজা বিন লাডেন

ABOUT THE AUTHOR

...view details