নিউজ ডেস্ক, 2 এপ্ৰিলঃ কভিড 19 ত আক্ৰান্ত ইজৰাইলৰ স্বাস্থ্যমন্ত্ৰী য়াকোব লিটজমেন আৰু তেওঁৰ পত্নী চাভা ৷ আইলেচনত ৰখা দম্পত্তিটো বৰ্তমান সম্পূৰ্ণ সুস্থ অৱস্থাত আছে বুলি বুধবাৰে নিশা স্বাস্থ্যমন্ত্ৰীগৰাকীৰ কাৰ্যালয়ে সদৰি কৰে ৷
কভিদ 19 ত আক্ৰান্ত ইজৰাইলৰ স্বাস্থ্যমন্ত্ৰী - ইজৰাইলৰ স্বাস্থ্যমন্ত্ৰী কৰ'ণা
71 বছৰীয়া য়াকোব লিটজমেন দেশখনৰ আটাইতকৈ প্ৰাপ্তঃবয়স্ক কৰ'ণাত আক্ৰান্ত লোক ৷ মহামাৰীৰ সময়ছোৱাত দেশখনৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতন্যাহুৰ স'তে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ৷
![কভিদ 19 ত আক্ৰান্ত ইজৰাইলৰ স্বাস্থ্যমন্ত্ৰী ইজৰাইলৰ স্বাস্থ্যমন্ত্ৰী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6632192-345-6632192-1585816517537.jpg)
71 বছৰীয়া য়াকোব লিটজমেন দেশখনৰ আটাইতকৈ প্ৰাপ্তঃবয়স্ক কৰ'ণাত আক্ৰান্ত লোক ৷ মহামাৰীৰ সময়ছোৱাত দেশখনৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতন্যাহুৰ স'তে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ৷
স্বাস্থ্যমন্ত্ৰীগৰাকী কভিড 19 ত আক্ৰান্ত বুলি জনাৰ পাছতে বিগত দিনত তেওঁৰ সান্নিধ্যলৈ অহা সকলো লোকৰে শীঘ্ৰে নমুনা সংগ্ৰহ কৰাৰ উপদেশ দিয়ে য়াকোব লিটজমেনে ৷ ইতিমধ্যে দেশখনৰ পূব মধ্য ভাগৰ কভিড 19 ত আক্ৰান্তৰ সংখ্যা 78,000 ৷ ইয়াৰে বহু সংখ্যক লোক ইৰানৰ ৷ আনহাতে নিহতৰ সংখ্যা 3,500 বুলি জানিব পৰা গৈছে ৷