অসম

assam

ETV Bharat / international

পূব জেৰুজালেমৰ আল আকছা মছজিদত পুনৰ উত্তেজনা - Israeli Police storm Al-Aqsa Mosque after Friday prayers

শুকুৰবাৰে নামাজৰ পিছতে পূব জেৰুজালেমৰ আল আকছা মছজিদত ইজৰাইলী আৰক্ষী আৰু পেলেস্তাইনী লোকৰ মাজত তীব্ৰ সংঘৰ্ষৰ সৃষ্টি হয় । সংঘৰ্ষৰ মাজতে বিষয়াসকলৰ ওপৰত শিল আৰু বোমা নিক্ষেপ কৰা পেলেস্তাইনী লোকৰ ওপৰত আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰিবলৈ বাধ্য হয় ।

Israeli Police storm
পূব জেৰুজালেমৰ আল আকছা মছজিদত পুনৰ উত্তেজনা

By

Published : May 22, 2021, 6:01 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ২২ মে':ইজৰাইল আৰু পেলেস্তাইনৰ মাজত ১১ দিন ধৰি চলা আক্ৰমণৰ পিছত যুদ্ধ বিৰতি ঘোষণা কৰা হয় যদিওপূব জেৰুজালেমৰ আল আকছা মছজিদত পুনৰ উত্তেজনা । শুকুৰবাৰে নামাজৰ পিছতে মছজিদত ইজৰাইলী আৰক্ষী আৰু পেলেস্তাইনী লোকৰ মাজত তীব্ৰ সংঘৰ্ষৰ সৃষ্টি হয় । সংঘৰ্ষৰ মাজতে বিষয়াসকলৰ ওপৰত শিল আৰু বোমা নিক্ষেপ কৰা পেলেস্তাইনী লোকৰ ওপৰত আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰিবলৈ বাধ্য হয় ।

উল্লেখ্য যে, দুপৰীয়া হাজাৰ হাজাৰ পেলেস্তাইনী লোকে নামাজৰ বাবে মছজিদৰ চাৰিওফালে থকা গছৰ শাৰীৰ ওচৰত একত্ৰিত হৈছিল । সংবাদমাধ্যমৰ এক বাতৰি অনুসৰি বহুতে গাজা ষ্ট্ৰিপত পেলেস্তাইনী সকলৰ পক্ষত থিয় দিছিল আৰু চিঞৰ বাখৰ কৰাৰ লগতে আৰু পেলেস্তাইনৰ পতাকা উৰুৱাইছিল ।

ইজৰাইলী আৰক্ষীৰ এগৰাকী বিষয়াই জনোৱা মতে সমবেত হোৱা কিছুমান পেলেস্তাইনীয়ে চৌহদৰ গেটত নিয়োজিত বিষয়াসকলৰ ফালে শিল আৰু পেট্ৰ'ল বোমা নিক্ষেপ কৰিছিল । আৰক্ষী বিষয়াসকলে তেওঁলোকৰ ওপৰত শিল আৰু আতচবাজী নিক্ষেপ কৰা প্ৰতিবাদকাৰীসকলক খেদি পঠিয়াবলৈ ষ্টন গ্ৰেনেড ব্যৱহাৰ কৰিছিল । প্ৰায় এঘণ্টা ধৰি এই সংঘৰ্ষ অব্যাহত আছিল আৰু অৱশেষত ইজৰাইলী আৰক্ষীয়ে চৌহদৰ দুৱাৰত থকা তেওঁলোকৰ স্থানলৈ পিছুৱাই যায় ।

নিউয়ৰ্ক টাইমছৰ মতে ইজৰাইলী সৈন্যসকলে পেলেস্তাইনী সকলক ছত্ৰভঙ্গ দিয়াবলৈ ৰবৰ বুলেট আৰু লাইভ ৰাউণ্ড ব্যৱহাৰ কৰিছিল । আনহাতে, পশ্চিম তীৰ আৰু জেৰুজালেমত হোৱা এই ঘটনাত ৯৭ গৰাকী পেলেস্তাইনী লোক আহত হোৱা বুলি জানিব পৰা গৈছে ।

ইফালে ইজৰাইলৰ বিদেশী কূটনীতিবিদ ৰিয়াদ আল-মালিকীয়ে আলজাজিৰাৰ সৈতে হোৱা এক বিশেষ সাক্ষাৎকাৰত কয় যে যুদ্ধবিৰতিৰ সিদ্ধান্ত একপক্ষীয় । তেওঁলোকে নিজে সেই সিদ্ধান্ত লৈছে সেয়ে কোনো নিশ্চয়তা নাই ।

লগতে পঢ়ক:বৃহৎ আক্ৰমণৰ পৰিকল্পনা তালিবান-আল কায়দাৰ...

ABOUT THE AUTHOR

...view details