ইন্টাৰনেশ্যনেল ডেস্ক, 16 জুনঃ ইজৰাইলৰ বাৰ-ইলান বিশ্ববিদ্যালয়ৰ এটা গৱেষকৰ দলে শেহতীয়াকৈ কৰ'ণা ভাইৰাছৰ এটা অনু চিনাক্ত কৰিছে যিয়ে তেওঁলোকক এই মহামাৰীৰ ভেকছিন প্ৰস্তুত কৰাত সহায় কৰিব পাৰে ৷
গৱেষকৰ দলটোৱে প্ৰট'মৰ পৰা কিছু Immunodominant Epitopesচিনাক্ত কৰি উলিয়াই ৷ এই অনুখিনিয়ে এন্টিব'ডি আৰু কোষ মধ্যস্থতা উভয়ৰে প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰাৰ লগতে COVID 19 ৰ পেপটাইড ভেকছিন তৈয়াৰ কৰাটো সহায় কৰিব বুলি গৱেষকৰ দলটোৱে অৱগত কৰে ৷
Tel Aviv (Israel): বাৰ ইলান বিশ্ববিদ্যালয়ৰ গৱেষকৰ দলটোৱে জনোৱা মতে,তেওঁলোকে চিনাক্ত কৰি উলিওৱা কৰ'ণা ভাইৰাছৰ অনুৰ দ্বাৰা এই ৰোগৰ ভেকছিন তৈয়াৰ কৰাত সহায় হ'ব ৷
বৃহস্পতিবাৰে এখন আলোচনীত প্ৰকাশ পোৱা এক লেখা অনুসৰি,BIUৰ গৱেষকসকলে এন্টিজনৰ অনুখিনিৰ পৰীক্ষা কৰে যিয়ে এন্টিব'ডি উৎপাদন কৰি প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰিব পাৰে ৷ ইয়াৰোপৰি গৱেষকৰ দলটোৱে ভাইৰাছবিধৰ প্ৰ'টিন চেটৰ সম্ভাব্য Epitopes, এন্টিজ'ন অনুৰ এটা প্ৰ'টিন অংশ চিনাক্ত কৰি উলিয়াই ৷ এই Epitopes য়ে এন্টিব'ডি আৰু কোষ মধ্যস্থতা উভয়ৰে প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰিব ৷