অসম

assam

ETV Bharat / international

Israel approves 4th Covid vaccine dose: ইজৰাইলত ক'ভিড প্ৰতিষেধকৰ চতুৰ্থ পালি প্ৰদান - ইজৰাইলত ক'ভিড প্ৰতিষেধকৰ চতুৰ্থ পালি প্ৰদান

অ'মিক্ৰণৰ ভয়ংকৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ইজৰাইলত ক'ভিড প্ৰতিষেধকৰ চতুৰ্থ পালি প্ৰদানৰ অভিযান আৰম্ভ হৈছে (Israel has begun delivering fourth vaccine dose)। শুকুৰবাৰৰ পৰা বিশেষ কিছুমান ব্যক্তিক প্ৰদান কৰা হৈছে প্ৰতিষেধকৰ চতুৰ্থ পালি । ৯.৩ নিযুত জনসংখ্যাৰ দেশখনত ৪.২ নিযুতৰো অধিক লোকে দুটা পালি আৰু এটা বুষ্টাৰ ইতিমধ্যে লাভ কৰিছে ।

Israel approves 4th Covid vaccine dose
ইজৰাইলত ক'ভিড প্ৰতিষেধকৰ চতুৰ্থ পালি প্ৰদান

By

Published : Dec 31, 2021, 9:03 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক,৩১ ডিচেম্বৰ :সমগ্ৰ বিশ্বতে ক'ভিডৰ নতুন প্ৰকাৰ অ'মিক্ৰণৰ সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে । অ'মিক্ৰণৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতত ইতিমধ্যে বুষ্টাৰ ড'জৰ ঘোষণা কৰিছে চৰকাৰে । কিন্তু লক্ষণীয় বিষয়টো হ'ল যে ইজৰাইলত ক'ভিড প্ৰতিষেধকৰ চতুৰ্থ পালি দিয়াৰ ব্যৱস্থা কৰা হৈছে (Israel has begun delivering fourth vaccine dose)।

অ'মিক্ৰণৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ইজৰাইল প্ৰশাসনে গ্ৰহণ কৰিছে এই পদক্ষেপ । ইয়াৰ লগে লগে ক'ভিডৰ চতুৰ্থ পালি প্ৰদান কৰা বিশ্বৰ প্ৰথমখন দেশ হিচাপে চৰ্চা লাভ কৰিছে ইজৰাইলে । ২০২০ চনত টীকাকৰণ অভিযান আৰম্ভ কৰা ইজৰাইলে বৃদ্ধ লোক, ৰোগাক্ৰান্ত লোক আৰু কেয়াৰ হোমত থকা কৰ্মচাৰীসকলক প্ৰথমে প্ৰতিষেধকৰ চতুৰ্থ পালি প্ৰদান কৰিব ।

ইতিমধ্যে চতুৰ্থ পালি প্ৰদানৰ অভিযান শুকুৰবাৰে পুৱা ইজৰাইলৰ শ্বেবা চিকিৎসা কেন্দ্ৰৰ পৰা আৰম্ভ কৰা হৈছে । হাস্পতালখনৰ হৃদযন্ত্ৰ আৰু হাঁওফাঁও সংৰোপণ কৰা ৰোগীসকলক প্ৰদান কৰা হৈছে চতুৰ্থ পালি ।

উল্লেখ্য যে, বৃহস্পতিবাৰে ইজৰাইলত ৪,০৮৫ গৰাকী লোকৰ দেহত ধৰা পৰিছে অ'মিক্ৰণৰ অৱস্থিতি । যাৰ বাবে দেশখনত নৱবৰ্ষ উদযাপনৰ ক্ষেত্ৰতো বিভিন্ন ধৰণৰ কঠোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে । সম্পূৰ্ণ টীকাকৰণ কৰা ব্যক্তি অথবা ক'ভিডৰ পৰা আৰোগ্য হোৱা লোকক গ্ৰীণ পাছ প্ৰদান, ১০০ ৰ অধিক লোকৰ বাবে মুকলি ঠাইত অনুষ্ঠানৰ আয়োজন কৰা আৰু কোনো অনুষ্ঠানচত ৫০ ৰ অধিক লোক জমা হ'লে মাস্ক পৰিধান কৰা বাধ্যতামূলক কৰা হৈছে ।

উল্লেখ্য যে ৯.৩ নিযুত জনসংখ্যাৰ ইজৰাইলত মহামাৰীৰ ফলত প্ৰায় ৮,২৪৩ লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে । মুঠ জনসংখ্যাৰ ৬.৫ নিযুতৰো অধিক লোকে ফাইজাৰ-বায়োএনটেক প্ৰতিষেধকৰ (Pfizer-BioNTech vaccine) এটা পালি লাভ কৰিছে আৰু ৪.২ নিযুতৰো অধিক লোকে দুটা পালি আৰু এটা বুষ্টাৰ লাভ কৰিছে ।

লগতে পঢ়ক :তিনি পালি ক’ভিড প্ৰতিষেধক গ্ৰহণকাৰীৰ কোৱাৰেণ্টাইন বাতিল

ABOUT THE AUTHOR

...view details