অসম

assam

ETV Bharat / international

হামাচৰ আগ্নেয় বেলুন আক্ৰমণৰ প্ৰত্যুত্তৰত গাজাত পুনৰ আক্ৰমণ ইজৰাইলৰ

সোমবাৰে গাজা ষ্ট্ৰীপত হামাচৰ মিলিটাৰীৰ ঘাটিত পুনৰ আক্ৰমণ চলায় ইজৰাইলী সেনাই ৷ হামাচৰ আগ্নেয় বেলুন আক্ৰমণৰ প্ৰত্যুত্তৰ স্বৰূপে এই আক্ৰমণ চলায় ইজৰাইলে ৷

By

Published : Jul 26, 2021, 10:50 AM IST

Israel attacks Hamas targets in Gaza in response to arson balloons
হামাচৰ আগ্নেয় বেলুন আক্ৰমণ: প্ৰত্যুত্তৰত গাজাত পুনৰ আক্ৰমণ ইজৰাইলৰ

ইন্টাৰনেশ্যনেল ডেস্ক, 26 জুলাই :দেওবাৰে পুনৰ গাজা ষ্ট্ৰীপত হামাচৰ মিলিটাৰীৰ ঘাটিত আক্ৰমণ ইজৰাইলৰ ৷ হামাচৰ আগ্নেয় বেলুনৰ প্ৰত্যুত্তৰ স্বৰূপে এই আক্ৰমণ চলাই ইজৰাইলে ৷ ইজৰাইলী বায়ু সেনাই দক্ষিণ গাজা ষ্ট্ৰীপৰ খান ইউনিচ অঞ্চলত এই আক্ৰমণ চলায় ৷

"ইজৰাইলৈ লক্ষ্য কৰি প্ৰক্ষেপ কৰা আৰ্চন বেলুনৰ প্ৰত্যুত্তৰ স্বৰূপে আমি সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে ব্যৱহৃত হামাছৰ এটি মিলিটাৰী ঘাটি উচ্ছেদ কৰো ৷ এই ঘাটিটো গাজাৰ জনবসতিপূৰ্ণ স্থানৰ কাষতে আছিল ৷ আমি গাজাৰ পৰা চলাই যোৱা প্ৰতিটো সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰত্যুত্তৰ দি যাম ৷" ইজৰাইলৰ সেনা বাহিনীয়ে টুইটযোগে এইদৰে কয় ৷

দ্য টাইমছ অৱ ইজৰাইলৰ তথ্য অনুসৰি দেওবাৰে গাজা ষ্ট্ৰীপৰ পৰা কেইবাটাও আগ্নেয় বেলুন দক্ষিণ ইৰাণক উদ্দেশ্যি প্ৰক্ষেপ কৰা হৈছিল ৷ এই আৰ্চন আক্ৰমণৰ প্ৰত্যুত্তৰ স্বৰূপেই দেওবাৰে নিশা পৰৱৰ্তী জাননী প্ৰেৰণ নকৰা পৰ্যন্ত ইজৰাইলে গাজা ষ্ট্ৰীপৰ fishing zoneৰ অৰ্ধাংশ কাটি পেলাব বুলি ঘোষণা কৰিছিল ৷

হামাচৰ মুখপাত্ৰ হাজেম কাছিমে এই বায়ু আক্ৰমণক তাচ্ছিল্য কৰি কয়, ‘ইজৰাইলে নিজৰ নতুন শক্তি প্ৰদৰ্শন কৰাৰ লগতে তেওঁলোকৰ সেনাবাহিনীৰ উন্নত স্বৰূপটো কম্পিত হোৱাৰ পিছত পুনৰুদ্ধাৰৰ ই এক ব্যৰ্থ প্ৰচেষ্টা ৷’ তথ্য অনুসৰি দেওবাৰে গাজাৰ পৰা প্ৰক্ষেপ কৰা আৰ্চন বেলুনে দক্ষিণ ইজৰাইলৰ এছকল অঞ্চলত যথেষ্ট ক্ষতিসাধন কৰে ৷

লগতে পঢ়ক-দক্ষিণ ইজৰাইলত সন্ত্ৰাসবাদীৰ ৰকেট আক্ৰমণ

উল্লেখ্য যে, যোৱা জুন মাহতো ইজৰাইলী ৰক্ষা বাহিনীয়ে গাজাৰ পৰা ইজৰাইললৈ প্ৰক্ষেপ কৰা আৰ্চন বেলুন আক্ৰমণৰ প্ৰতিশোধ স্বৰূপে গাজা ষ্ট্ৰীপ (Gaza Strip) ত হামাচক লক্ষ্যৰ কৰি আক্ৰমণ চলাইছিল ৷ গাজাৰ পৰা ইজৰাইললৈ প্ৰক্ষেপিত কৰা আৰ্চন বেলুনৰ প্ৰতিক্ৰিয়া স্বৰূপে সামৰিক চৌহদ আৰু গাজাৰ হামাচ (Hamas)ৰ এটা ৰকেট উৎক্ষেপণস্থলীত আক্ৰমণ কৰা বুলি আইডিএফে টুইট যোগেও উল্লেখ কৰিছিল ৷

ইজৰাইল আৰু হামাচ (Hamas)ৰ মাজত ১১ দিন যুৰি চলা যুদ্ধৰ অন্তত ২১ মে'ত ইজৰাইল আৰু গাজা ষ্ট্ৰিপ (Gaza Strip)ৰ মাজত যুদ্ধবিৰতি ব্যৱস্থা কাৰ্যকৰী কৰা হৈছিল ৷ এই যুদ্ধতে ইজৰাইল আৰু পেলেষ্টাইন দুয়োপক্ষৰ পৰা শ শ ৰকেট প্ৰক্ষেপ কৰা হৈছিল । হামাচ (Hamas) পৰিচালিত গাজা স্বাস্থ্য মন্ত্ৰালয়ৰ মতে, যুঁজৰ সময়ত ২৫৩ গৰাকী পেলেস্তাইনী লোক নিহত হৈছিল, ইয়াৰ ভিতৰত আছিল ৬৬ টা শিশু ৷ আনহাতে, হামাচ (Hamas)ৰ আক্ৰমণৰ ফলত এজন ৫ বছৰীয়া শিশু আৰু এজন সৈনিকসহ ১৩ জন ইজৰাইলী নিহত হৈছিল ।

লগতে পঢ়ক-গাজা ষ্ট্ৰিপত পুনৰ বিমান আক্ৰমণ ইজৰাইলৰ

ABOUT THE AUTHOR

...view details