ইণ্টাৰনেশ্যনেল ডেস্ক, 20 জুলাই : সোমবাৰে বাগদাদৰ এখন উপনগৰত সংঘটিত হয় এক অঘটন ৷ ইৰাকী চিকিৎসক অধিকাৰী সকলে অবগত কৰা অনুসৰি, বাগদাদৰ পথৰ কাষত সোমবাৰে কোনো দুবৃত্তই বোমা সংস্থাপন কৰিছিল ৷ যাৰ ফলত কমেও 30জন লোক নিহত হয় আৰু কেইবাজনো লোক গুৰুতৰভাৱে আহত হয় ৷
ইৰাকী সামৰিক বাহিনীয়ে এক বিবৃতি যোগে সদৰি কৰে যে, কোনো দুবৃত্তই বাগদাদৰ ৱহেলত বজাৰত সংঘটিত হয় এই বোমা বিস্ফোৰণ ৷ উল্লেখ্য যে, ঈদ-উল-অজহাৰ বাবে বজাৰত সমাগম হৈছিল বহু লোকৰ ৷ ঈদ-উল-অজহাৰ ব্যস্ততাৰ সুযোগ গ্ৰহণ কৰিছিল দুবৃত্তই ৷
এই বিস্ফোৰণত ক্ৰেতা-বিক্ৰেতাৰ লগতে কেইবাটাও কণ কণ শিশু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ এই বিস্ফোৰণৰ ফলত বাগদাদৰ ৱহেলত বজাৰ কেৱল ধ্বংশস্তুপত পৰিণত হৈছে ৷ বৰ্তমানেও বিস্ফোৰণ কাণ্ডৰ বিষয়ে চলি আছে তদন্ত ৷
কোনে ক’ত সংস্থাপন কৰিছিল বোমা, সেই সম্পৰ্কে নিৰাপত্তাবাহিনীয়ে লাভ কৰা নাই কোনো তথ্য ৷ আনকি কোনো ইছলামীক সংগঠনেও স্বীকাৰ কৰা নাই আক্ৰমণৰ দায়িত্ব ৷ বাগদাদদত বোমা বিস্ফোৰণৰ এই কাণ্ড প্ৰথম নহয় ৷ পূৱ বাগদাদৰ ঘন বসতিপূৰ্ণ চুবুৰীয়া অঞ্চলটোত তৃতীয়বাৰৰ বাবে সংঘটিত হৈছে বোমা বিস্ফোৰণৰ ঘটনা ৷ যাক লৈ এতিয়া শংকিত হৈ পৰিছে অঞ্চলবাসী ৷