অসম

assam

ETV Bharat / international

উত্তৰ ইৰাকত সন্ত্ৰাসবাদীৰ আক্ৰমণ,কেইবাজনো লোক নিহত

অন্ত্যেষ্টিক্ৰিয়াৰ এক শোভাযাত্ৰাৰ সময়তে ইৰাকৰ ছালাহদ্দিন প্ৰদেশত সন্ত্ৰাসাবাদীয়ে আক্ৰমণ কৰে । ঘটনাত কেইবাজনো লোক নিহত হোৱাৰ লগতে আন কেইবাজনো লোক গুৰুতৰভাৱে আহত হৈছে ।

By

Published : Jul 31, 2021, 11:08 AM IST

Iraq military
উত্তৰ ইৰাকত সন্ত্ৰাসবাদীৰ আক্ৰমণ

ইণ্টাৰনেশ্যনেল ডেস্ক, ৩১ জুলাই :ইৰাকত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ । অন্ত্যেষ্টিক্ৰিয়াৰ এক শোভাযাত্ৰাৰ সময়তে ইৰাকৰ ছালাহদ্দিন প্ৰদেশত সন্ত্ৰাসাবাদীয়ে আক্ৰমণ কৰে । ঘটনাত কেইবাজনো লোক নিহত হোৱাৰ লগতে আন কেইবাজনো লোক গুৰুতৰভাৱে আহত হৈছে ।

শুকুৰবাৰে ইৰাকৰ সামৰিক বাহিনীয়ে এক বিবৃতিযোগে এই কথা প্ৰকাশ কৰে । অৱশ্যে ঘটনাত কিমানজন লোক নিহত বা আহত হৈছে তাৰ সঠিক তথ্য প্ৰকাশ কৰা হোৱা নাই যদিও এগৰাকী ইৰাকী নিৰাপত্তা বিষয়াই কোৱা মতে সন্ত্ৰাসবাদীয়ে নিৰ্বিচাৰ গুলীবৰ্ষণ কৰাৰ ফলত আঠজন লোক নিহত হৈছে । নিহত সকলৰ ভিতৰত আৰক্ষী আৰু সাধাৰণ লোক আছিল বুলি বিষয়াগৰাকীয়ে উল্লেখ কৰে ।

এক সূত্ৰই জনোৱা মতে এই আক্ৰমণ ইছলামিক ষ্টেট (IS) গোটে কৰিছে । সামৰিক বাহিনীয়ে জনোৱা মতে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে ।

উল্লেখ্য যে, ২০১৭ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাহিনীৰ সহায়ত ইৰাকী সুৰক্ষা বাহিনীৰ দ্বাৰা তেওঁলোকৰ আঞ্চলিক পৰাজয়ৰ পিছত উত্তৰ ইৰাক আইএছ কাৰ্যকলাপৰ বাবে এক হটস্পট হৈ পৰিছে । ইৰাকী বাহিনীয়ে নিয়মীয়াকৈ দুৰ্গম পাহাৰীয়া উত্তৰ অঞ্চল আৰু পশ্চিম ইৰাকৰ মৰুভূমিত আই এছ বিৰোধী অভিযান অব্যাহত ৰাখিছে য'ত আইএছয়ে আত্মগোপন কৰি থকা বুলি সন্দেহ কৰা হৈছে । শেহতীয়া বছৰবোৰত আইএছৰ আক্ৰমণ হ্ৰাস পাইছে কিন্তু এই অঞ্চলবোৰত এনে আক্ৰমণ অব্যাহত আছে । য'ত সুৰক্ষা বাহিনীৰ ওপৰত আক্ৰমণৰ ঘটনাও সংঘটিত হৈছে ।

লগতে সুৰক্ষা বাহিনী সেই অঞ্চলত অভিযান চলাই আৰু আইইডি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে । আনকি আইএছয়ে ৰাজধানী চহৰতো আক্ৰমণ কৰিবলৈ সক্ষম হৈছে । যোৱা সপ্তাহত সদৰ চহৰৰ বাগদাদ উপনগৰত সংঘটিত এক আত্মঘাতি বোমা বিস্ফোৰণত কমেও ৩০ জন লোক নিহত হৈছিল । আক্ৰমণটো আইএছয়ে কৰা বুলিও দাবী কৰিছিল ।

লগতে পঢ়ক :আফগানিস্তানৰ 31 খন প্ৰদেশত নৈশ সান্ধ্য আইন জাৰি

ABOUT THE AUTHOR

...view details