অসম

assam

ETV Bharat / international

ইৰাণত 1 লাখ কয়দীক সাময়িকভাৱে কাৰাগাৰৰ পৰা মুকলি - ইৰান চৰকাৰ

ইৰানত বৰ্তমানলৈকে 38,300 গৰাকী লোক এই ভাইৰাছত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে 2,640 গৰাকী লোকৰ ৷

Iran temporarily frees 1,00,000 prisoners to limit spread of coronavirus
ইৰাণত কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ আশংকাত 1 লাখ কয়দীক অস্থায়ী ৰূপে কাৰাগাৰৰ পৰা মুকলি

By

Published : Mar 30, 2020, 9:03 AM IST

ইন্টাৰনেশ্বনেল ডেক্স,30 মাৰ্চঃবিশ্বজুৰি কৰ'ণা ভাইৰাছে ধাৰণ কৰিছে ভয়ংকৰ ৰূপ ৷ বিশ্বজুৰি এই ভাইৰাছত আক্ৰান্ত হৈছে 7 লক্ষাধিক লোক ৷ মধ্যপ্ৰাচ্যৰ দেশসমূহতো এই ভাইৰাছে ইতিমধ্যে সংহাৰী ৰূপ ধাৰণ কৰিছে ৷ বিশেষকৈ মধ্যপ্ৰাচ্যৰ দেশ ইৰানত এই ভাইৰাছৰ প্ৰভাৱ দেখা গৈছে সৰ্বাধিক ৷ ইৰান বিশ্বৰ শক্তিশালী দেশসমূহৰ ভিতৰত অন্যতম ৷ ইৰানত বৰ্তমানলৈকে 38,300 গৰাকী লোক এই ভাইৰাছত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে 2,640 গৰাকী লোকৰ ৷ উল্লেখযোগ্য যে, 19 ফ্ৰেব্ৰুৱাৰীত ইৰানত পোহৰলৈ আহিছিল প্ৰথমটো কৰ'ণা ভাইৰাছৰ ঘটনা ৷ ইয়াৰ পাছৰে পৰা এই ভাইৰাছত আক্ৰান্ত 12,300 গৰাকী লোক সুস্থ হৈছে ৷

কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ আশংকাত ইৰানত দেওবাৰে প্ৰায় 1 লাখ কয়দীক বিভিন্ন কাৰাগাৰৰ পৰা অস্থায়ী ভাৱে মুকলি কৰি দিয়া হৈছে ৷ এই কথা এক টেলিভিছন সাক্ষাৎকাৰত সদৰি কৰে ইৰানৰ ন্যায়িক প্ৰবক্তা গোলাম হুছেইন ইছমাইলে ৷ ইয়াৰে মাৰ্চ মাহৰ প্ৰথমাৰ্ধত 54 হাজাৰ কয়দীক মুকলি কৰি দিয়া হৈছিল ৷ দেশখনৰ ৰাষ্ট্ৰপতি হাছান ৰুহানীয়ে মঙলবাৰে এক নিৰ্দেশনা জাৰি কৰি 20 এপ্ৰিল লৈকে এই অস্থায়ী ছুটিক বাহাল ৰাখিবলৈ নিৰ্দেশনা জাৰি কৰিছে ৷

লগতে পঢ়ক-কৰ'ণা মহামাৰীৰ জটিল সন্ধিক্ষণত ৰাইজলৈ আমাৰ বিনম্ৰ আহ্বান...

ABOUT THE AUTHOR

...view details