অসম

assam

ETV Bharat / international

আফগানিস্তানৰ পৰা মাৰ্কিন সৈন্য প্ৰত্যাহাৰ: হুছেইন আকবৰীৰ প্ৰতিক্ৰিয়া - তালিবানী সন্ত্ৰাসবাদী আৰু আফগানী সেনাৰ সংঘৰ্ষ

'আফগানিস্তানৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্য প্ৰত্যাহাৰ কৰাতো মুছলমান ৰাষ্ট্ৰসমূহৰ বাবে বৃহৎ জয়' ৷ শেহতীয়াকৈ আফগানিস্তানৰ পৰা মাৰ্কিন সেনা প্ৰত্যাহাৰ কৰাৰ পাছতে এই মন্তব্য কৰে ইৰাণভিত্তিক ইছলামিক জাগৰণৰ বিশ্ব সভাৰ উপ-মহাসচিব হুছেইন আকবৰীয়ে(Hossein Akbari) ।

Hossein Akbari reaction on withdrawal of US troop  from Afghanistan
আফগানিস্তানৰ পৰা মাৰ্কিন সৈন্য প্ৰত্যাহাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ হুছেইন আকবৰীৰ

By

Published : Jul 19, 2021, 4:48 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ১৯ জুলাই: এফালে যুদ্ধৰ দামামা, আনফালে এটাৰ পাছত আনটো বিদেশী শক্তি নিজৰ সেনা আফগানিস্তানৰ পৰা প্ৰত্যাহাৰ কৰিছে । ২০ বছৰ ধৰি আফগানিস্তানত খোপনি পুতি থকা আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনায়েও এতিয়া নিজ দেশ অভিমুখে ৰাওনা হৈছে । এই সন্দৰ্ভত ইৰাণভিত্তিক ইছলামিক জাগৰণৰ বিশ্ব সভাৰ উপ-মহাসচিব হুছেইন আকবৰীয়ে(Hossein Akbari) মন্তব্য কৰিছে যে, আফগানিস্তানৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্য প্ৰত্যাহাৰ কৰাতো মুছলমান ৰাষ্ট্ৰসমূহৰ বাবে বৃহৎ জয় । লগতে এতিয়া আফগানিস্তানে এক নতুন পৰ্যায়ত প্ৰৱেশ কৰিছে বুলিও তেওঁ মন্তব্য কৰে ।

দেওবাৰে ছিনহুৱা সংবাদ গোষ্ঠীৰ এক সাক্ষাৎকাৰত আকবৰীয়ে কয় যে, আফগানিস্তানত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনা ২০ বছৰ ধৰি থকাৰ পাছত অৱশেষত দেশখনৰ পৰা সেনা প্ৰত্যাহাৰ কৰাৰ ফলত নিঃসন্দেহে আফগানিস্তানত সামৰিক শক্তিৰ ভাৰসাম্যহীনতাৰ সৃষ্টি হৈছে । এনে পৰিস্থিতিয়ে দেশখনৰ উন্নয়নৰ ক্ষেত্ৰত প্ৰভাৱ পেলাব । সোমবাৰে আফগানিস্তানৰ বৰ্তমানৰ সমস্যাৰ বিষয়ে আলোচনা কৰা সন্দৰ্ভত তেহৰাণত অনলাইনযোগে অনুষ্ঠিত হ'বলগীয়া এখন আন্তঃৰাষ্ট্ৰীয় ৱেবিনাৰ সন্দৰ্ভত ছিনহুৱা সংবাদ গোষ্ঠীৰ আগত তেওঁ এই মন্তব্য কৰে । "আফগানিস্তান, বহনক্ষম শান্তি আৰু নিৰাপত্তা" শীৰ্ষক ৱেবিনাৰখন মুকলি কৰিব ইছলামিক জাগৰণৰ বিশ্ব সভাৰ অধ্যক্ষ আকবৰ ভেলায়াতীয়ে ।

হুছেইন আকবৰীয়ে জনোৱা মতে, ৪০ জনতকৈও অধিক আফগান ৰাজনীতিবিদ আৰু পাকিস্তান, ৰাছিয়া, উজবেকিস্তান, কিৰগিজস্তান, তাজিকিস্তান, তুৰ্কমেনিস্তান আৰু ইৰাণৰ প্ৰতিনিধিসকলে এই ৱেবিনাৰত অংশগ্ৰহণ কৰিব । তেওঁ লগতে কয় যে, এই সন্মিলনে আফগানিস্তানত শান্তি বিস্তাৰ কৰাত সহায় কৰিব বুলি তেওঁলোকে আশা প্ৰকাশ কৰিছে । কিয়নো ইৰাণে সদায় মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰি যুদ্ধৰ পৰিৱৰ্তে দুয়োপক্ষকে শান্তিপূৰ্ণভাৱে আলোচনাত মিলিত হৈ সমস্যাসমূহ মীমাংসা কৰাৰ বাবে সৈমান কৰিবলৈ প্ৰচেষ্টা চলাই আহিছে ।

ইৰাণে চলিত মাহৰ আৰম্ভণিতে এক আলোচনাৰ আয়োজন কৰিছিল, য'ত আফগান চৰকাৰ আৰু সংসদৰ প্ৰতিনিধি, তালিবান সন্ত্ৰাসবাদীৰ প্ৰতিনিধি গোট আৰু দেশখনৰ গণৰাজ্য ব্যৱস্থাক সমৰ্থন কৰা বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰিছিল । যি কি নহওক, তালিবানৰে বৰ্তমান আলোচনা অব্যাহত থকাৰ মাজতো সন্ত্ৰাসবাদী সংগঠনটো আৰু আফগানী সেনাৰ মাজত অব্যাহত আছে তুমুল সংঘৰ্ষ । দেশখনৰ গুৰুত্বপূৰ্ণ অঞ্চলসমূহ নিজৰ দখললৈ অনাৰ বাবে প্ৰতি দিনে আক্ৰমণ চলাইছে তালিবানে । প্ৰত্যুত্তৰত আফগান সেনায়ো এই অঞ্চলসমূহ নিজৰ নিয়ন্ত্ৰণলৈ আনিবলৈ চেষ্টা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: আফগানী সেনাৰ অভিযানত নিহত ৯৫০ৰো অধিক তালিবানী সন্ত্ৰাসবাদী

ABOUT THE AUTHOR

...view details