নেচনেল ডেস্ক,20 ডিচেম্বৰ: দক্ষিণ তুৰ্কীত শনিবাৰে এটা অক্সিজেন চিলিণ্ডাৰৰ বিস্ফোৰণ ঘটি ক'ভিড-19 ত আক্ৰান্ত ৰোগীৰ চিকিৎসা কৰি থকা এটা আইচিইউত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় ৷ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত সংঘটিত হোৱা এই অগ্নিকাণ্ডত আইচিইউটোত চিকিৎসাধীন হৈ থকা 9 গৰাকী লোকে দুৰ্ভাগ্যজনকভাৱে মৃত্যুক সাৱটি লয় ৷ তুৰ্কীৰ স্বাস্থ্য মন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰে ৷
জানিব পৰা মতে দক্ষিণ পূব ইস্তানবুলৰ গাজিয়ানটেপৰ শংক ইউনাৰ্ভিচিটি হস্পিতাল নামৰ এক ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত এই অগ্নিকাণ্ড সংঘটিত হয় ৷ চিকিৎসালয় কৰ্তৃপক্ষৰ এক বিবৃত্তি অনুসৰি জানিব পৰা মতে, অগ্নিকাণ্ডত প্ৰাণ হেৰুওৱা লোক কেইগৰাকীৰ বয়স 56 ৰ পৰা 85 বছৰ ৷ অগ্নিকাণ্ডই 9 গৰাকীকৈ লোকৰ প্ৰাণ কাঢ়ি নিয়ে যদিও শীঘ্ৰেই জুইকুৰাক নিয়ন্ত্ৰণলৈ অনা হয় ৷