ইণ্টাৰনেশ্যনেল ডেস্ক, ৯ ডিচেম্বৰ: এলিয়েনৰ অস্তিত্বক লৈ বিতৰ্ক অব্যাহত থকাৰ মাজতে ইজৰাইলৰ এগৰাকী প্ৰাক্তন মহাকাশ সুৰক্ষা সচিবে কৈছে যে, 'গেলেটিক ফেডাৰেছন'ৰ অস্তিত্ব আছে । লগতে ইজৰাইল আৰু আমেৰিকাই বছৰ বছৰ ধৰি এলিয়েনৰ সৈতে কাম কৰি আহিছে । ৮৭ বছৰীয়া হেইম এছেদ নামৰ প্ৰাক্তন মহাকাশ সুৰক্ষা সচিবগৰাকীয়ে আমেৰিকা আৰু এলিয়েনৰ মাজত স্বাক্ষৰিত হোৱা চুক্তিৰ বিশদ বিৱৰণ দাঙি ধৰে ।
তেওঁ কয় যে, 'তেওঁলোকে সম্ভৱতঃ বিশ্বব্ৰহ্মাণ্ডৰ আৱৰণ সন্দৰ্ভত গৱেষণা কৰিব বিচাৰে । সেইকাৰণে এই চুক্তি স্বাক্ষৰ কৰিছে' । দ্য জেৰুজালেম পোষ্টত এই বাতৰি প্ৰকাশিত হৈছে । য়েদিঅট আহাৰ'ন'টৰে হোৱা হোৱা এক সাক্ষাৎকাৰত হেইম এছেদে কয় যে, 'ডনাল্ড ট্ৰাম্পে এই বিষয়ে জানে আৰু এলিয়েনৰ অস্তিত্ব থকাৰ কথা সকলোকে ক'বলৈ তেওঁ উৎসাহিত হৈ আছিল । অৱশ্যে 'গেলেটিক ফেডাৰেছনে' ট্ৰাম্প বাধা প্ৰদান কৰিছিল । কাৰণ, তেওঁলোকে ভাৱে যে, মানৱ জাতিও এনে এক পৰ্যায়ত উপৱিষ্ট হোৱাৰ প্ৰয়োজনীয়তা আছে, য'ত এতিয়া তেওঁলোক আছে আৰু মানুহে মহাকাশ আৰু মহাকাশ যানৰ বিষয়ে অৱগত হওক' ।