ইন্টাৰনেশ্যনেল ডেস্ক,28ফেব্ৰুৱাৰী: শনিবাৰে পূৱ ছিৰিয়াত সংঘটিত হৈছে এক অঘটন ৷ পূৱ ছিৰিয়াৰ এটা শৰণাৰ্থী শিবিৰত সংঘটিত হৈছে এক ভয়াবহ অগ্নিকাণ্ডৰ ঘটনা ৷ এই ভয়াবহ অগ্নিকাণ্ডৰ ফলত শিশুসহ চাৰিজন লোক নিহত হোৱাৰ লগতে 18 জন লোক গুৰুতৰভাৱে আহত হয় ৷
এক প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি, এই অগ্নিকাণ্ডৰ ফলত আহত হোৱা লোকসকলক হকাহৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷