অসম

assam

ETV Bharat / international

য়েমেনত সেনা আৰু হাউথিৰ মাজৰ সংঘৰ্ষত ১২ জনৰ মৃত্যু

য়েমেনৰ মৰিবত সেনা আৰু হাউথিৰ মাজত সংঘৰ্ষ । এই সংঘৰ্ষত ১২ জন বিদ্ৰোহীৰ মৃত্যু ।

By

Published : Jan 14, 2021, 4:59 PM IST

য়েমেনত সেনা আৰু হাউথিৰ মাজৰ সংঘৰ্ষত ১২ জনৰ মৃত্যু
য়েমেনত সেনা আৰু হাউথিৰ মাজৰ সংঘৰ্ষত ১২ জনৰ মৃত্যু

ইণ্টাৰনেশ্যনেল ডেস্ক, ১৪ জানুৱাৰী: য়েমেনৰ মৰিবত সেনা আৰু হাউথি বিদ্ৰোহীৰ সংঘৰ্ষই ভয়াৱহ ৰূপ লৈছে । চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে, মৰিব অঞ্চলত সংঘটিত হোৱা সংঘৰ্ষত ১২ জন বিদ্ৰোহীয়ে প্ৰাণ হেৰুৱাইছে । ছিনহুৱা সংবাদ গোষ্ঠীয়ে বুধবাৰে প্ৰকাশ কৰে যে, জবল মুৰাদ জিলাৰ দক্ষিণ মৰিবত সেনা আৰু হাউথি বিদ্ৰোহীৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হয় । হাউথিৰ দ্বাৰা পৰিচালিত আল-মছৰিছ টিভিয়ে সম্প্ৰচাৰ কৰা বাতৰি অনুসৰি, য়েমেন চৰকাৰৰ সেনাক সমৰ্থন কৰা ছৌদী নেতৃত্বাধীন মিত্ৰজোঁটে বুধবাৰে জবল মুৰাদ জিলাত হাউথি বিদ্ৰোহীৰ ওপৰত আকাশমাৰ্গৰ পৰা আক্ৰমণ কৰে ।

ৰাজধানী ছানাৰ পৰা ১৭০ কিঃমিঃ দূৰত পূৱ দিশত অৱস্থিত জবল মুৰাদ জিলাত সেনাই হাউথি বিদ্ৰোহীক আক্ৰমণ কৰে । য়েমেনৰ সেনা আৰু সশস্ত্ৰ সংগঠনৰ মাজত সঘনাই এই জিলাখনতে সংঘৰ্ষ হয় । উল্লেখ্য যে, ২০১৪ চনৰ পৰা য়েমেনত গৃহযুদ্ধ আৰম্ভ হয় । ইৰাণৰ দ্বাৰা সমৰ্থিত হাউথিয়ে য়োমোনৰ উত্তৰ দিশৰ বহু অঞ্চল দখল কৰে আৰু আন্তঃৰাষ্ট্ৰীয় স্বীকৃত্বপ্ৰাপ্ত চৰকাৰক ছানাৰ পৰা ওলাই যাবলৈ হেঁচা প্ৰয়োগ কৰি আহিছে । সেয়ে, য়েমেনৰ চৰকাৰী সেনা আৰু হাউথিৰ মাজত প্ৰায়েই সংঘৰ্ষ হোৱা দেখা যায় ।

লগতে পঢ়ক:২০ জানুৱাৰীৰ অনুষ্ঠানৰ সুৰক্ষা পৰিকল্পনাৰ বিষয়ে বাইডেনক জনালে FBIয়ে

ABOUT THE AUTHOR

...view details