নিউজ ডেস্ক, 2 অক্টোবৰ : তুৰ্কীৰ পশ্চিম সীমান্তৰ ইজামিৰ প্ৰদেশত সংঘটিত হোৱা ভূমিকম্পৰ ফলত নিহত সংখ্যা বৃদ্ধি হৈয়ে আছে ৷ দেশখনত এতিয়ালৈকে ভূমিকম্পৰ ফলত নিহতৰ সংখ্যা 73 গৰাকীলৈ বৃদ্ধি পাইছে ৷ দেশখনৰ দুৰ্যোগ প্ৰশমণ আৰু জৰুৰীকালীন ব্যৱস্থাপনা বিভাগে প্ৰকাশ কৰিছে এই তথ্য ৷
লগতে পঢ়ক :পেছোৱাৰ মাদ্ৰাছা বিস্ফোৰণ : 55 অভিযুক্তক আটক
বিভাগে প্ৰকাশ কৰা শেহতীয়া তথ্য অনসুৰি,দেশখনত বৰ্তমানলৈ 73গৰাকী লোক নিহত হোৱাৰ লগতে 961গৰাকী লোক আহত হৈছে ৷ বিগত শুকুৰবাৰে সংঘটিত হোৱা ভূমিকম্পত প্ৰথমে 69গৰাকী লোক নিহত হোৱাৰ লগতে 949 গৰাকী লোক আহত হোৱা বুলি জানিব পৰা গৈছিল ৷