অসম

assam

ETV Bharat / international

ইৰাণত 5.9 প্ৰাবল্যৰ ভূমিকম্প

ইৰাণত শুকুৰবাৰে ভয়ংকৰ ভূমিকম্প সংঘটিত হয় ৷ পূৱা 2.30 বজাত অনুভূত হয় ভয়ংকৰ ভূমিকম্পৰ জোকাৰণি ৷ হাছট্ৰোড চহৰৰ 60 কিলো মিটাৰ দূৰত্বত ভূমিকম্পৰ উৎপত্তিস্থল চিনাক্ত কৰা হৈছে ৷

By

Published : Nov 8, 2019, 11:31 AM IST

ইৰাণত 5.9 প্ৰাবল্যৰ ভূমিকম্প

নিউজ ডেস্ক, 8 নৱেম্বৰ: শুকুৰবাৰে ইৰাণত সংঘটিত হয় ভয়ংকৰ ভূমিকম্প ৷ ভূমিকম্পত বৰ্তমানলৈকে 5 জন নিহত হোৱাৰ বিপৰীতে আহত হৈছে 120 জনতকৈও অধিক ৷ ইয়াৰ সংখ্যা পৰৱৰ্তী সময়ত বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ৷ ইতিমধ্যে 30 টাত কৈ অধিক বাসগৃহ নষ্ট হোৱা বুলি জানিব পৰা গৈছে ৷ ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য হৈছে 5.9 ৷ ইতিমধ্যে 41 খন গাঁৱত উদ্ধাৰ কাৰ্য আৰম্ভ কৰিছে উদ্ধাৰকাৰী দলে ৷ চহৰখনত 5 টাত কৈ অধিক ভূমিকম্পৰ জোকাৰণি অনুভূত হয় ৷

উল্লেখ্য যে,ইয়াৰ পূৰ্বেও কেইবাৰো ভূমিকম্পই জোকাৰি গৈছে দেশখনক ৷ 1990 চনত উত্তৰ ইৰাণত হোৱা 7.4 প্ৰাবল্যৰ ভূমিকম্পত 40,000 লোক মৃত্য মুখত পৰাৰ লগতে আহত হৈছিল 3 লাখ লোক ৷ লগতে 50 হাজাৰ লোক গৃহহীন হয় ৷ আনহাতে 2005 আৰু 2012 চনতো বৰ ভূইকঁপে জোকাৰি গৈছিল ইৰাণক ৷ 2005 বৰ্ষত 600 জন লোক মৃত্যু হোৱাৰ লগতে 2012 বৰ্ষত মৃত্যু হৈছিল 300 জন লোকৰ ৷

ABOUT THE AUTHOR

...view details