অসম

assam

ETV Bharat / international

COVID-19: ফ্ৰান্সত কৰ'ণা ভাইৰাছত আক্ৰান্ত ৬৬৮ জন বিমান বিষয়া

ফ্ৰান্সৰ The Aircraft Carrier Charles de Gaulle নামৰ নৌ সেনা প্ৰতিষ্ঠানটোৰ ৬৬৮ জন বিষয়ববীয়া আক্ৰান্ত কৰ'ণা ভাইৰাছত । ফ্ৰান্সৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে সদৰী কৰে এই কথা ।

ফ্ৰান্স
COVID-19: ফ্ৰান্সত কৰ'ণা ভাইৰাছত আক্ৰান্ত ৬৬৮ জন বিমান বিষয়া

By

Published : Apr 16, 2020, 7:29 PM IST

নিউজ ডেস্ক, ১৬ এপ্ৰিলঃ ফ্ৰান্সৰ The Aircraft Carrier Charles de Gaulleপ্ৰতিষ্ঠানটোত থকা বিমানৰ ৬৬৮ জনীয়া এটি দলৰ বিষয়ববীয়া আক্ৰান্ত মহামাৰী কৰ'ণা ভাইৰাছত । বুধবাৰে এই কথা সদৰী কৰে ফ্ৰান্সৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে ।

COVID-19: ফ্ৰান্সত কৰ'ণা ভাইৰাছত আক্ৰান্ত ৬৬৮ জন বিমান বিষয়া

ফ্ৰান্সৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে বুধবাৰে কয় যে, The Aircraft Carrier Charles de Gaulle ৰ বিষয়াসকলৰ সহিতে মুঠ ১,৭৬৭ গৰাকী নৌ সেনা বিষয়াৰ কৰ'ণা ভাইৰাছৰ পৰীক্ষা কৰা হৈছিল। তাৰ ভিতৰত ভাইৰাছত আক্ৰান্ত বিষয়াসকলক দেশখনৰ ৩১ খন ভিন্ন হাস্পতালত ৰখা হৈছে ।

COVID-19: ফ্ৰান্সত কৰ'ণা ভাইৰাছত আক্ৰান্ত ৬৬৮ জন বিমান বিষয়া

আনহাতে, বৰ্তমানেও প্ৰায় ৩০ শতাংশ বিষয়াৰ পৰীক্ষাৰ ৰিজাল্ট লাভ কৰা নাই । আৰু বাকী বিষয়াসকলোকক কোৱাৰেন্টাইনত ৰাখিছে বুলি সদৰী কৰে স্বাস্থ্য বিভাগে ।

লগতে চাওকঃ কোভিড-19ৰ বিৰুদ্ধে দ্বিতীয় পৰ্যায়ত যুঁজিবলৈ সাজু বৰঝাৰ বিমানবন্দৰ

ABOUT THE AUTHOR

...view details