নিউজ ডেস্ক, 3 নৱেম্বৰ: তুৰ্কীৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, ছিৰিয়াৰ উত্তৰ দিশত অৱস্থিত ছিৰিয়া আৰু তুৰ্কীৰ সীমান্তৱৰ্তী এখন চহৰত সংঘটিত বোমা বিস্ফোৰণত নিহত হৈছে 13 জনকৈ লোক ৷ মন্ত্ৰালয়ৰ সূত্ৰটোৱে প্ৰকাশ কৰা অনুসৰি কেন্দ্ৰীয় তাল আব্যাদ চহৰত ঘটা এই বিস্ফোৰণত অন্য 20 জন লোকো অহত হৈছে ৷ উল্লেখ্য যে, এই তাল আব্যাদ চহৰখন বিগত মাহত তুৰ্কী সমৰ্থিত বন্দুকধাৰীয়ে কুৰ্দিছ যুঁজাৰুৰ পৰা নিজৰ দখললৈ আনিছিল ৷
তুৰ্কীৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে এই বোমা বিস্ফোৰণৰ আঁৰত কুৰ্দিছ যুঁজাৰু জড়িত বুলি সন্দেহ প্ৰকাশ কৰিছে আৰু বিস্ফোৰণক কঠোৰ ভাষাৰে নিন্দা কৰিছে ৷ লগতে এনে "বৰ্বৰ সন্ত্ৰাসবাদী সংগঠন"ৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ আন্তৰ্জাতিক সম্প্ৰদায়ক আহ্বান জনাইছে ৷ অৱশ্যে তাৎক্ষণিকভাৱে এই ঘটনাৰ দায়িত্ব এতিয়ালৈকে কোনেও স্বীকাৰ কৰা নাই ৷ তুৰ্কীয়ে যোৱা মাহত উত্তৰ-পূৱ ছিৰিয়াত কুৰ্দিছ যুঁজাৰুসকলক আঁতৰাবলৈ সামৰিক অভিযান চলাইছিল ৷